নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭৫ বছৰ বয়সত অৱসৰ লোৱা উচিত ৰাজনৈতিক নেতাই

🔹 আৰএছএছৰ মুৰব্বীৰ মন্তব্যক লৈ উত্তাল দেশ

নিউজ ডেস্ক, ১২ জুলাই : বিজেপিৰ ৰাজনৈতিক গুৰু আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে ৰাজনৈতিক নেতাই ৭৫ বছৰ বয়সত অৱসৰ লোৱা উচিত বুলি কৰা মন্তব্যত দেশৰ ৰাজনীতি উত্তাল হৈছে৷ প্রধানতঃ বিৰোধী দলসমূহে ৰাজনৈতিক নেতাই ৭৫ বছৰ বয়সত অৱসৰ লোৱা উচিত বুলি কৰা মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীক লক্ষ্য কৰি আৰএছএছৰ মুৰব্বীয়ে কোৱা বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে৷

নাগপুৰত আৰএছএছৰ মতাদর্শবাদী প্রয়াত মোৰোপন্ত পিংলেক উছর্গিত গ্রন্থ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে কয় যে যেতিয়াই আপুনি ৭৫ বছৰীয়া হ’ব, ইয়াৰ অর্থ আপুনি কার্য বন্ধ কৰা উচিত আৰু আনৰ কাৰণে পথ মুকলি কৰিব লাগে৷ অর্থাৎ আৰএছএছৰ মুৰব্বীগৰাকীয়ে ৭৫ বছৰ বয়সত ৰাজনৈতিক নেতাই অৱসৰ গ্রহণ কৰাটো উচিত বুলি কয়৷ আৰএছএছৰ মুৰব্বীৰ এই বক্তব্যৰ পাছতেই বিৰোধী কংগ্রেছ দলে প্রধানমন্ত্রী নৰেন্দ্র মোদীক পৰোক্ষভাৱে আক্রমণৰ লক্ষ্য কৰি লৈ ছেপ্টেম্বৰত ৭৫ বছৰ বয়স হ’বলগীয়া প্রধানমন্ত্রীগৰাকীয়ে অৱসৰ ল’বনে বুলি প্রশ্ণ উত্থাপন কৰে৷ আনপিনে শিৱসেনা (ইউবিটি)ৰ সাংসদ সঞ্জয় ৰাউটে প্রধানমন্ত্রীক লক্ষ্য কৰি লৈ কয় যে জ্যেষ্ঠ নেতা এল কে আদৱানি, মুৰুলী মনোহৰ যোশী আৰু যশৱন্ত সিঙক ৭৫ বছৰ হোৱা বাবেই ৰাজনীতি ত্যাগ কৰিবলৈ বাধ্য কৰোৱা প্রধানমন্ত্রীয়ে নিজে সেই পথ ল’বনে৷

মন কৰিবলগীয়া যে আৰএছএছৰ মুৰব্বী মোহন ভাগৱত আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অহা ছেপ্টেম্বৰ মাহত ৭৫ বছৰ হ’ব৷ এনে ক্ষেত্রত দুয়োগৰাকী নেতাই অৱসৰ ল’বনে? আৰএছএছৰ বয়সৰ প্রশ্ণ নাই যদিও ৭৫ বছৰ বয়সত ভাগৱতে স্বেচ্ছাই অৱসৰ ল’ব পাৰে৷ কিন্তু বিজেপিয়ে নিজেই নিয়ম গঢ়ি প্রধানমন্ত্রী মোদীৰ ক্ষেত্রত সেই নিয়ম প্রয়োগ কৰিবনে, তাক লৈ চর্চা আৰম্ভ হৈছে৷

তাৎপর্যপূর্ণ যে ৭৫ বছৰ বয়সত অৱসৰ ল’ব লাগে বুলি ইয়াৰ পূর্বেও আৰএছএছে কৰা মন্তব্যৰ সময়ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০২৩ চনৰ মে’ মাহতে বিজেপিৰ সংবিধানত অৱসৰৰ দফা নাই বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীৰ অৱসৰৰ সম্ভাৱনা নুই কৰিছে৷ গৃহমন্ত্রীগৰাকীয়ে আনকি ২০২৯লৈকে প্রধানমন্ত্রী মোদীয়ে দলক নেতৃত্ব দিব বুলি মন্তব্য কৰিছে৷

You might also like