নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুত পতিক হত্যা কৰি ঘৰতেই পুতিলে পত্নীয়ে

গুৱাহাটীৰ পাণ্ডু অঞ্চলৰ জয়মতী নগৰৰ এটা লোমহৰ্ষক হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন মহিলাই নিজৰ পতিক হত্যা কৰি ঘৰৰে মাটি খান্দি লুকুৱাই থোৱাৰ অভিযোগ উঠিছে।

অভিযুক্ত মহিলাগৰাকীৰ নাম হৈছে ৰহিমা খাতুন। তেওঁ নিজৰ স্বামী ছবিয়াল ৰহমানক হত্যা কৰি দেহটো ঘৰৰ চৌহদত পুতি ৰাখে।

ছবিয়াল ৰহমান ১৪ দিন ধৰি নিখোঁজ আছিল। পৰিয়াল আৰু চিনাকিসকলে যেতিয়া তেওঁৰ সন্ধান বিচাৰিলে, ৰহিমাই কয় তেওঁ কামৰ বাবে কেৰালালৈ গৈছে।

কিন্তু ৰহিমাৰ কথাত সন্দেহ জন্মে স্থানীয় লোকৰ। পৰিস্থিতি বেয়া হৈ পৰাত তেওঁ চিকিৎসালয়লৈ গৈছে বুলি কৈ ধুবুৰীলৈ পলায়ন কৰে।

অৱশ্যে, আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ধুবুৰীৰ পৰা ৰহিমাক আটক কৰিবলৈ সক্ষম হয়।

ৰহিমাৰ গ্ৰেপ্তাৰৰ পিছত মেজিষ্ট্ৰেটৰ উপস্থিতিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ঘৰৰ চৌহদৰ পৰা ছবিয়ালৰ মৃতদেহ উলিয়ায়।

পৰিয়ালৰ অভিযোগ মতে, ৰহিমা বিভিন্ন অনৈতিক কাৰ্য্যত জড়িত আছিল আৰু দম্পতীদ্বয়ৰ মাজত সদায় বিবাদ চলি আছিল।

এই হত্যাকাণ্ডৰ অন্যতম কাৰণ হিচাপে দাম্পত্যৰ মাজত থকা ২৩ লাখ টকাৰে সম্পত্তি বিক্ৰীৰ পইচাক লৈ দ্বন্দ্বৰ কথাও উঠিছে।

Niyomiya Barta Desk, 14 July, 2025

You might also like