নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনৰ Southend বিমানবন্দৰত উৰণৰ পিছতে বিমান দুৰ্ঘটনাগ্ৰস্ত

🔹 আহমেদাবাদ বিমান দুৰ্ঘটনাৰেই যেন পুনৰাবৃত্তি

নিউজ ডেস্ক, ১৪ জুলাই : এক শোকাৱহ বিমান দুৰ্ঘটনা, যি এয়াৰ ইণ্ডিয়াৰ বয়িং ড্ৰীমলাইনাৰ দুৰ্ঘটনাৰ স্মৃতি সজীৱ কৰি তুলিছে। ডাচ কোম্পানী Zeusch Aviation-ৰ দ্বাৰা পৰিচালিত এখন Beechcraft B200 Super King Air বিমান লণ্ডনৰ Southend বিমানবন্দৰত উৰণৰ কেইটামান মুহূৰ্তৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

উৰণৰ কেইটামান মুহূৰ্তৰ পিছতে ভূপতিত হোৱা বিমানখনৰ ভয়ংকৰ বিস্ফোৰণৰ দৃশ্য আৰু ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিস্ফোৰণৰ ফলত ৰানৱে আৰু তাৰ আশ-পাশৰ অঞ্চল ক’লা ধোঁৱাই ছানি ধৰে। এই ভয়াৱহ ঘটনাত হতাহতৰ নিশ্চিত তথ্য এতিয়ালৈকে পোৱা হোৱা নাই। ঘটনাৰ পিছতে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। এই ঘটনা নিশ্চিত কৰিছে এছেক্স পুলিচে।

ভয়াৱহ এই দুৰ্ঘটনা সংঘটিত হয় সন্ধিয়া ৪ বজাত (BST)। বিমানখনত চালকজনৰ উপৰি কিমান মানুহ আছিল, সেয়া এতিয়ালৈকে স্পষ্ট নহয়। বিমানখন ক্ৰোৱেছিয়াৰ পুলাৰ পৰা আহিছিল আৰু নেদাৰলেণ্ডছৰ লেলিষ্টাডলৈ যাব লগা আছিল।

ভিডিঅ’ত দেখা গৈছে যে উৰণৰ কেইটামান মুহূৰ্তৰ পিছতে বিমানখন ভূপতিত হোৱাৰ পাছতে জুই জ্বলি উঠে, যাৰ ফলত বিমানবন্দৰটো তৎক্ষণাত বন্ধ ঘোষণা কৰে। বিমান দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত এতিয়ালৈ নিশ্চিত তথ্য নাই, সমগ্ৰ ঘটনাটো তদন্তৰ আওতাত আছে।

You might also like