🔹 এপ্রিলৰ পৰা বাহকজনিত ৰোগত ১৮জনৰ মৃত্যু
বিশেষ বাৰ্তা, ১৫ জুলাই : বাৰিষাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্রমণ৷ ৰাজ্যৰ প্রান্তে প্রান্তে এই গুৰুতৰ ৰোগবিধে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত ৩১জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷
জিএমচিএইচৰ উপ–অধীক্ষক উজ্জ্বল শর্মাই প্রকাশ কৰা অনুসৰি যোৱা এপ্রিলৰ পৰা হাস্পতালখনত ৬৭জন লোক এই ৰোগত আক্রান্ত হৈ ভর্তি হৈছে৷ ইয়াৰ ভিতৰত ১৮জন লোকেই প্রাণ হেৰুৱাইছে৷ ১৩জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে৷ ইয়াৰ বিপৰীতে আন পাঁচজন ৰোগী আন হস্পিতাললৈ চিকিৎসাৰ বাবে নিজৰ ইচ্ছা অনুসৰি জিএমচিএইচৰ পৰা গুচি গৈছে বুলিও তেওঁ সদৰী কৰে৷
উপ–অধীক্ষক শর্মাই প্রকাশ কৰা অনুসৰি দৰং, নলবাৰী আৰু কামৰূপৰ পৰা অধিকাংশ ৰোগী জিএমচিএইচত চিকিৎসাৰ বাবে আহিছে৷ দৰঙৰ ১১জন, নলবাৰীৰ ১৬জন আৰু কামৰূপৰ ১৭জন ৰোগীয়ে জিএমচিএইচত চিকিৎসা গ্রহণ কৰিছে৷ অৱশ্যে এই জিলাকেইখনৰ উপৰি ধুবুৰী, বৰপেটা, বজালী, কামৰূপ মহানগৰ, বাক্সা, গোৱালপাৰা, শোণিতপুৰ, ওদালগুৰিকে ধৰি আন কেইবাখনো জিলাৰ জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোকে জিএমচিএইচত চিকিৎসা লাভ কৰিছে বুলি তেওঁ সদৰী কৰে৷
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে জ্বৰৰ লগতে মূৰৰ বিষ, বমি আদিৰ দৰে লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে৷ চিকিৎসকৰ পৰামর্শ অনুসৰি সকলোধৰণৰ পৰীক্ষা কৰাৰ লগতে যিমান পাৰি সোনকালে চিকিৎসা গ্রহণ কৰিলেই যিকোনো ৰোগী শীঘ্রে সুস্থ হৈ উঠিব৷ উল্লেখ্য যে কেৱল অসমতেই নহয়, চুবুৰীয়া কেইবাখনো ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংক্রমণ ঘটিছে৷ নাগালেণ্ডত চলিত বর্ষত ৯জন লোক এই ৰোগত আক্রান্ত হৈছে৷ যাৰ বাবে নাগালেণ্ডৰ স্বাস্থ্য বিভাগে সমগ্র ৰাজ্যখনতে এলার্ট জাৰি কৰিছে৷
লক্ষণীয় যে ৰাজ্যৰ দৰং জিলাত জাপানীজ এনকেফেলাইটিছৰ দ্রুত সংক্রমণ ঘটা পৰিলক্ষিত হৈছে৷ জাপানীজ এনকেফেলাইটিছ ৰোগত জিলাখনৰ ৫জন লোকে প্রাণ হেৰুৱাইছে৷ জলজলি খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্র, খাৰুপেটীয়া খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্র আৰু পাথৰিঘাট খণ্ড স্বাস্থ্যকেন্দ্রৰ অধীনৰ অঞ্চলত এই লোককেইজনে প্রাণ হেৰুৱাইছে৷ জিলাখনত বৃহস্পতিবাৰলৈকে ১৮জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈছে৷ জলজলি অঞ্চলত সর্বাধিক ৭জন লোক এই ৰোগত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ খাৰুপেটীয়াতো তিনিজন লোক আক্রান্ত হৈছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২৪ চনলৈ অসমত ৮৪০জন লোকে জাপানীজ এনকেফেলাইটিছত প্রাণ হেৰুৱাইছে৷ ২০১৫ চনত ১৩৫, ২০১৬ চনত ৯২, ২০১৭ চনত ৮৭, ২০১৮ চনত ৯৪, ২০১৯ চনত ১৬১, ২০২০ চনত ৫১, ২০২১ চনত ৪০, ২০২২ চনত ৯৬, ২০২৩ চনত ৩৪ আৰু ২০২৪ চনত ৫৩জন লোকে জাপানীজ এনকেফেলাইটিছত আক্রান্ত হৈ মৃত্যুবৰণ কৰিছে৷