ভাৰতৰ পৰা ১০ লাখ কর্মী নিয়োগৰ পৰিকল্পনা মস্কোৰ
🔹 চৰম শ্রমিক সংকটত ভুগিছে যুদ্ধৰত ৰাছিয়া
নিউজ ডেস্ক, ১৫ জুলাই : ইউক্রেইনৰ সৈতে যুদ্ধৰত ৰাছিয়াত চৰম শ্রমিক সংকটে দেখা দিছে৷ ইউক্রেইনক ধ্বংস কৰাৰ বদ্ধপৰিকৰ ৰাছিয়াই যুৱ শক্তিক সামৰিক শক্তি হিচাপে নিয়োগ কৰিছে৷ এই যুদ্ধৰ অগ্ণিত ৰাছিয়াত বিভিন্ন নির্মাণ খণ্ডত শ্রমিকৰ সংকটে ভয়াৱহ ৰূপ লৈছে৷ পৰিণতিত দেশখনৰ বিভিন্ন কাৰখানা আৰু নির্মাণ সংস্থা সমস্যাত ভুগিছে৷ এই সমস্যাৰ অৱসান ঘটাবলৈ পুটিন চৰকাৰে নতুন পৰিকল্পনা কৰিছে৷
দেশখনত চলি থকা শ্রমিক সংকটৰ পৰা উদ্ধাৰ পাবলৈ মস্কো চৰকাৰে ভাৰতৰ পৰা ১০ লাখ কর্মী নিয়োগৰ পৰিকল্পনা কৰিছে৷ ৰাছিয়াৰ এক সংস্থা উৱাল চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ মুৰব্বী আন্দ্রে বেছেদিনে প্রকাশ কৰিছে যে তেওঁলোকে লাভ কৰা তথ্য অনুসৰি এই বছৰৰ মাজভাগতেই ভাৰতৰ পৰা ১০ লাখ কর্মী নিয়োগ কৰা হ’ব৷ দক্ষ কর্মীৰ অভাৱত ৰাছিয়াত কল-কাৰখানা আৰু নির্মাণ সংস্থাত ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ ভাৰতৰ উপৰি শ্রীলংকা, উত্তৰ কোৰিয়াৰ পৰাও কর্মী নিয়োগৰ পৰিকল্পনা কৰিছে পুটিন চৰকাৰে৷
উল্লেখ্য যে ইউক্রেইনৰ সৈতে যুদ্ধত ৰাছিয়া চৰকাৰে দেশৰ যুৱপ্রজন্মৰ বৃহৎ শক্তি এটা সেনা বাহিনীত অন্তর্ভুক্ত কৰিছে৷ ইয়াৰ বাবেই ৰাছিয়াৰ শিল্প আৰু উৎপাদন খণ্ডত কর্মীৰ অভাৱ বৃদ্ধি পাইছে৷ কর্মীৰ সংকট যিমানেই বৃদ্ধি পাইছে সিমানেই দেশখনৰ অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে৷ অর্থনীতিয়ে বিধ্বস্ত ৰূপ লোৱাৰ পূর্বে চৰকাৰখনে ভাৰতকে ধৰি বিভিন্ন দেশৰ পৰা কর্মী নিয়োগ কৰি শ্রমিক সংকটৰ পৰা পৰিত্রাণ পোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাছিয়াৰ শ্রম মন্ত্রালয়ে এই সন্দর্ভত আনুষ্ঠানিকভাৱে একো কোৱা নাই যদিও চেম্বার্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ মুৰব্বীৰ ভাষ্যই দেশখনত আলোড়নৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ইউক্রেইনৰে ৰাছিয়াৰ যুদ্ধখন বহু দীঘলীয়া হৈছে৷ এনে পৰিপ্রেক্ষিতত ৰাছিয়াও দিনকদিনে সংকটত পৰিছে৷