নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষণা কৰিও পুৰস্কাৰ নিদিলে পাকিস্তান চৰকাৰে

🔹 পেৰিছ অলিম্পিকৰ স্বর্ণ বিজয়ী আর্ছাদ নাদিমৰ অভিযোগ

নিউজ ডেস্ক, ১৮ জুলাই : পাকিস্তানৰ নাম অলিম্পিক মানচিত্রত উজলাই তুলিছিল আর্ছাদ নাদিমে৷ দেশখনৰ প্রথমগৰাকী ক্রীড়াবিদ হিচাপে ব্যক্তিগত স্বর্ণ জয় কৰিছিল তেওঁ৷ পেৰিছত পুৰুষৰ জেভেলিন ইভেণ্টত ভাৰতৰ নীৰজ চোপ্রাক হৰুৱাই স্বর্ণ দখল কৰিছিল নাদিমে৷ অলিম্পিকত সোণ জয় কৰাৰ পাছত পাকিস্তান চৰকাৰে তেওঁক ভূমি প্রদান কৰাৰ কথা ঘোষণা কৰিছিল৷ সেই পুৰস্কাৰ নাদিমে এতিয়াও লাভ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে তেওঁ৷

উল্লেখ্য যে পেৰিছত ৯২.৯৭ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰি স্বর্ণ জয় কৰাৰ পাছত পাকিস্তানলৈ উভতি আহি সম্বর্ধনাৰ বন্যাত ডুব গৈছিল নাদিম৷ পাকিস্তান চৰকাৰ, স্থানীয় প্রদেশৰ প্রশাসন, আনকি বহু বেচৰকাৰী প্রতিষ্ঠানেও অসংখ্য পুৰস্কাৰৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ ভিতৰত কিছু পুৰস্কাৰ তেওঁ পালে যদিও কিছু নাপালে৷ সেই কথা সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত প্রকাশ কৰিছে আর্ছাদে৷

পাকিস্তানৰ এথলীটগৰাকীয়ে কয়– অসংখ্য পুৰস্কাৰ ঘোষণা কৰা হৈছিল৷ তাৰ ভিতৰত ভূমিদানৰ কথাও আছিল৷ সেইবোৰ আমি একো নাপালোঁ৷ যদি নিদিয়ে তেনেহ’লে ঘোষণা কৰিব নালাগিছিল৷ মই প্রশাসনৰ বহুতৰ সৈতে কথা পাতিছোঁ৷ সকলোৱে বিষয়টো নিৰীক্ষণ কৰিব বুলি কৈছে, কিন্তু এতিয়াও কোনো প্রত্যুত্তৰ পোৱা নাই৷ অৱশ্যে ঘোষণা কৰা আর্থিক পুৰস্কাৰসমূহ লাভ কৰিছোঁ৷

দেশৰ চৰকাৰে প্রতিশ্রুতি নাৰাখিলেও তেওঁ লক্ষ্যৰ পৰা বিচলিত নহয় বুলি জানিবলৈ দিছে৷ সম্প্রতি তেওঁৰ লক্ষ্য চলিত বর্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা বিশ্ব চেম্পিয়নশ্বিপ৷ উল্লেখ্য যে দেশলৈ ওভতাৰ পাছত পাকিস্তান চৰকাৰে আর্ছাদক ১০ কোটি টকা পুৰস্কাৰ দিছিল৷

You might also like