নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত গ্রেপ্তাৰ পাকিস্তানী আইএছআইৰে জড়িত ভাৰতীয় জোৱান 

🔹 ভাৰতীয় সেনাৰ গোপন তথ্য যোগান ধৰিছিল পাকিস্তানক

নিউজ ডেস্ক, ১৮ জুলাই : পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত থকাৰ অভিযোগত কাশ্মীৰত ভাৰতীয় সেনা জোৱান এজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ দেশৰ গোপন তথ্য পাকিস্তানৰ চোৰাংচোৱা সংস্থাটোৰ সৈতে বিনিময় কৰাৰ তথ্য জম্মু–কাশ্মীৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতে সেনা জোৱানজনক গ্রেপ্তাৰ কৰা হৈছে৷

তথ্য মতে, সেনা বাহিনীৰ গোপন খবৰ জোৱানজনে পাকিস্তানী চোৰাংচোৱাৰ হাতত গতাই দিছিল৷ জম্মু–কাশ্মীৰৰ উৰিৰ পৰা পঞ্জাব আৰক্ষীৰ বিশেষ অপাৰেচন গোটে জম্মু–কাশ্মীৰৰ আৰক্ষীৰ সহযোগত জোৱানজনক গ্রেপ্তাৰ কৰে৷ ধৃত জোৱানজনৰ নাম দেৱীন্দৰ সিং৷ সেনা জোৱান সিঙৰ ঘৰ পঞ্জাবৰ নিহালগড়ত৷

লক্ষণীয় যে দেৱীন্দৰ সিং পাকিস্তানী চোৰাংচোৱাৰ সৈতে জড়িত থকাৰ তথ্য বিগত জুন মাহতে পঞ্জাব আৰক্ষীয়ে লাভ কৰিছিল৷ পঞ্জাবৰ পৰা গুৰপ্রীত সিং নামৰ প্রাক্তন সেনা জোৱান এজনক পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি থকাৰ অভিযোগত গ্রেপ্তাৰ কৰাৰ পিছতে দেৱীন্দৰ সিঙৰ সম্পর্কে তথ্য লাভ কৰে৷ সিঙে পেনড্রাইভৰ জৰিয়তে দেশৰ বহু গোপন তথ্য পাকিস্তানী আইএছআইৰ হাতত গতাই দিছিল৷ গুৰপ্রীতক জেৰা কৰাৰ পিছতে তদন্তকাৰীয়ে দেৱীন্দৰ সিং সন্দর্ভত বহু তথ্য লাভ কৰে আৰু বিগত মাহ ধৰি অনুসন্ধান চলাই পাকিস্তানী চোৰাংচোৱাৰ সৈতে দেৱীন্দৰ সিং জড়িত বুলি নিশ্চিত হোৱাৰ পিছত জম্মু–কাশ্মীৰৰ পৰা গ্রেপ্তাৰ কৰে৷

You might also like