আজি দিনটোৰ ৰাশিফল, আজি ১৯ জুলাই, শাওণ মাহৰ ২ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : ভৰণী, যাত্রা : নাই
মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷
বৃষ : শুভ ৰং নীলা, শুভ সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলত সমস্যাত পৰিব৷ বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে৷
মিথুন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে৷
কর্কট : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷
সিংহ : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷
কন্যা : শুভ ৰং বগা, শুভ সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলে সমাধান হ’ব পাৰে৷ আর্থিক সহায় পাব৷ সন্তানৰ শুভ৷
তুলা : শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তিক লৈ কাজিয়া–পেচাল হোৱাৰ সম্ভাৱনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷
বৃশ্চিক : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ আনৰ উপদেশ মতে কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷
ধনু : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ হাতলৈ টকা–পইচা আহিব৷ কর্মস্থানত অবাঞ্ছিত পৰিস্থিতি সৃষ্টি হ’ব পাৰে৷
মকৰ : শুভ ৰং নীলা, শুভ সংখ্যা ৭৷ পাৰিবাৰিক অন্তঃকলহ বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হ’ব৷ পিছলি ভৰিত আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷
কুম্ভ : ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩৷
মীন : কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷