বনাঞ্চলৰ বেদখল উচ্ছেদ
শেহতীয়াভাৱে অসমৰ বিভিন্ন অঞ্চলত চলি থকা চৰকাৰী মাটিৰ বেদখল উচ্ছেদে ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সম্প্রতি শাসনত থকা বিজেপি চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্রত কঠোৰ স্থিতি অৱলম্বন কৰিছে৷ এই উচ্ছেদ কার্য সম্পাদন কৰিবলৈ যাওঁতে বিভিন্ন ঠাইত সংঘর্ষৰো সৃষ্টি হৈছে৷ কিন্তু যিকোনো চৰকাৰৰ বেদখল উচ্ছেদৰ অধিকাৰ আৰু দায়িত্ব আছে৷ এই অধিকাৰ চৰকাৰক ন্যায়ালয়ে প্রদান কৰিছে৷ বহু দল–সংগঠনে এনে উচ্ছেদৰ বিৰোধিতা কৰি ৰাজনীতি কৰাও পৰিলক্ষিত হৈছে৷ একাংশ অবৈধ প্রব্রজনকাৰীৰ বাবে অসমৰ বনাঞ্চলসমূহৰ লগতে চৰকাৰী ভূমিও বেদখলকাৰীৰ লক্ষ্য হৈ পৰিছে৷ বেদখলকাৰীক উচ্ছেদ কৰাৰ লগে লগে চৰকাৰে ৰাইজৰ পৰা সহায়–সহযোগিতাও লাভ কৰা পৰিলক্ষিত হৈছে৷ অসমত এটা সম্প্রদায়ক লৈ বিৰোধীয়ে প্রায়ে ৰাজনীতি কৰা দেখা যায় যদিও ৰাইজ এতিয়া যথেষ্ট সচেতন হৈছে৷ পৰিসংখ্যা মতে, অসমৰ প্রায় ১১খন জিলাত এটা বিশেষ সম্প্রদায়ৰ জনসংখ্যা বৃদ্ধি হৈছে৷ সেই জিলাসমূহ হৈছে– দক্ষিণ শালমাৰা, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, মৰিগাঁও, নগাঁও, দৰং, হোজাই, হাইলাকান্দি, কৰিমগঞ্জ৷ এই জিলাকেইখনত পঞ্চাছ শতাংশতকৈও অধিক মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পাইছে৷ দক্ষিণ শালমাৰাত ৯৫ শতাংশই মুছলমান সম্প্রদায়ৰ লোক৷ বর্তমান অসমৰ আৰু পাঁচখন জিলাত দ্রুতহাৰত বৃদ্ধি পাইছে জনসংখ্যা৷ সেই জিলাকেইখন হৈছে ক্রমে কাছাৰ, নলবাৰী, কোকৰাঝাৰ, চিৰাং আৰু কামৰূপ৷ এই তথ্যবোৰ যদিও ২০২১ চনৰ লোকপিয়ল অনুসৰিহে, বর্তমান ইয়াৰ সংখ্যা অধিক বুলি অনুমান কৰিব পাৰি৷ পৰিসংখ্যালৈ মন কৰিলে দেখা যায়- ১৯০১ চনত হিন্দুৰ শতকৰা হাৰ আছিল ৮৪.৫৫ শতাংশ৷ কিন্তু ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জনসংখ্যা ৬১.৪৭ শতাংশলৈ হ্রাস পালে৷ আনহাতে, মুছলমানৰ জনসংখ্যা ২০২১ চনৰ লোকপিয়ল অনুসৰি ৩৪.২২ শতাংশ৷ কিন্তু অনুমান কৰা হৈছে- বর্তমান ইয়াৰ জনসংখ্যা ৪২ শতাংশলৈ বৃদ্ধি পাইছে৷
অলপতে আন্তর্জাতিক প্রতিষ্ঠান পিইউৰ এক প্রতিবেদন অনুসৰি বিগত দহ বছৰত বিশ্বত ইছলামধর্মীৰ সংখ্যা ৩৪.৭ কোটি বৃদ্ধি পাইছে৷ এই সংখ্যা অন্যান্য ধর্মাৱলম্বীৰ সর্বমুঠ সংখ্যাতকৈও অধিক৷ তথ্যত প্রকাশ কৰা অনুযায়ী এছিয়াৰ প্রশান্ত মহাসাগৰীয় এলেকাত এই জনসংখ্যা সর্বাধিক বৃদ্ধি পাইছে৷ পিইউৰ প্রতিবেদন অনুসৰি ২০১০ চনত ভাৰতৰ হিন্দুৰ সংখ্যা আছিল ৮০ শতাংশ৷ ২০২০ চনত এই সংখ্যা হ্রাস পাই হৈছেগৈ ৭৯ শতাংশ৷ আনহাতে, ভাৰতত মুছলমানৰ জনসংখ্যা ১৪.৩ শতাংশৰ পৰা বৃদ্ধি পাই হৈছেগৈ ১৫.২ শতাংশ৷ বিগত দহ বছৰত বিশ্বত মুঠ জনসংখ্যাৰ ভিতৰত খ্রীষ্টানৰ সংখ্যা ৩০.৬ শতাংশৰ পৰা হ্রাস পাই ২৮.৮ শতাংশ হৈছেগৈ৷ একেদৰে বৌদ্ধ ধর্মাৱলম্বীৰ সংখ্যাও পূর্বতকৈ হ্রাস পাইছে৷ কিন্তু বৃদ্ধি পাইছে ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা৷ এই পৰিসংখ্যাই এটা কথাই প্রমাণ কৰে যে কেৱল অসমতে নহয়, সমগ্র বিশ্বতে ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ অসমত ইছলাম ধর্মাৱলম্বী লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিভিন্ন ৰাজনৈতিক কাৰণ আছে যদিও বনাঞ্চল ধ্বংস কৰি চৰকাৰী ভূমি বেদখলেৰে জনাঞ্চল গঢ়ি তোলা লোকসকলৰ বিৰুদ্ধে চৰকাৰে যি ব্যৱস্থা গ্রহণ কৰিছে, ই নিশ্চয়কৈ আদৰণীয়৷ উচ্ছেদ সদায় অসহনীয়, হূদয়বিদাৰক, অমানৱীয়৷ উচ্ছেদিত লোকসকলৰ যন্ত্রণা দেখি হয়তো বহুতে দুখ প্রকাশ কৰিছে৷ সেইবুলি অবৈধ বেদখলক আমি সমর্থন কৰিম নেকি? নির্দিষ্ট সম্প্রদায়টোৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে মাটিৰো অধিক প্রয়োজন হ’ব৷ প্রয়োজন অনুসাৰে বেদখল কৰি যাব আৰু সেই বেদখলকাৰীক উচ্ছেদ নকৰিলে জানো হ’ব৷ বেদখলকাৰীক উচ্ছেদ কৰাৰ পদক্ষেপক বিৰোধ কৰাৰ কোনো যুক্তি নাথাকে৷ সচেতন নাগৰিকে আৱেগৰ বশৱর্তী নহৈ যুক্তিৰে কথাবোৰ বিবেচনা কৰা উচিত৷ যিহেতু এই সমগ্র উচ্ছেদ অভিযান বিধিগত আৰু কোনোধৰণৰ নীতি–নিয়ম উলংঘা হোৱা নাই৷ বনভূমি বেদখল উচ্ছেদ কৰাৰ বাবে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নির্দেশহে চৰকাৰে পালন কৰিছে৷ এই নির্দেশ পালন কৰিবলৈ যাওঁতে চৰকাৰবিৰোধী একাংশ দল–সংগঠনৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিন্তু অভিযোগ–প্রতিঅভিযোগে এই সমস্যা সমাধান নকৰে৷ যিকোনো মূল্যৰ বিনিময়ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’বই লাগিব৷ বিৰোধীয়েও এই সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰক সহায়–সহযোগ কৰা উচিত৷