ক্রনিক সিৰা ৰোগত আক্রান্ত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প
🔹 আমেৰিকাৰ ৰাষ্ট্রপতিৰ ফুলা ভৰিক লৈ ব্যাপক চর্চা
নিউজ ডেস্ক, ১৯ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ক্রনিক সিৰা ৰোগত আক্রান্ত হৈছে৷ হোৱাইট হাউছৰ প্রেছ সচিব কেৰ’লিন লিভিটে এই তথ্য সদৰী কৰিছে৷ ৭০ বছৰীয়া মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে আক্রান্ত হোৱা এই ৰোগ স্বাভাৱিক বুলিও প্রকাশ কৰিছে৷
সাপ্তাহিক সংবাদ মেলত প্রেছ সচিবগৰাকীয়ে ৰাষ্ট্রপতিগৰাকীৰ হাত আৰু ফুলা ভৰিক লৈ দেশজুৰি চর্চা হৈ থকা বিষয়টোক আগবঢ়াই নি এই ৰোগত আক্রান্ত হোৱা বুলি প্রকাশ কৰিছে৷ প্রেছ সচিবগৰাকীয়ে কয়– স্বচ্ছতা বর্তাই ৰখাৰ প্রতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্রপতিগৰাকীয়ে চিকিৎসকৰ তথ্য ৰাজহুৱা কৰিবলৈ মোক নির্দেশ দিছে৷
বিগত কেইটামান সপ্তাহত ৰাষ্ট্রপতি ট্রাম্পৰ ভৰিৰ নিম্নভাগ ফুলি উঠিছে৷ চিকিৎসকৰ নিয়মীয়া পৰীক্ষাৰ সময়ত তেওঁৰ ক্রনিক সিৰা ৰোগ হোৱা বুলি ধৰা পৰিছে৷ অৱশ্যে চিকিৎসকে তেওঁৰ এই ৰোগ বিশেষ গুৰুতৰ নহয় বুলি নিশ্চিত কৰিছে৷ কেইবাবাৰো পৰীক্ষা কৰাৰ অন্তত চিকিৎসকে মার্কিন ৰাষ্ট্রপতিগৰাকীক এই ৰোগে তেওঁৰ বিশেষ ক্ষতি কৰিব নোৱাৰে বুলি সদৰী কৰিছে৷