🔹 ক্রমাগতভাৱে তৃতীয়বাৰলৈ দিছপুৰ দখলৰ লক্ষ্য গেৰুৱা শিবিৰৰ
বিশেষ বাৰ্তা, ২০ জুলাই : ৰাজ্যৰ বিৰোধী শিবিৰত মিত্রতাক লৈ অচলাৱস্থা বাহাল থকাৰ সময়তে ’২৬ৰ বিধানসভা নির্বাচনক লৈ সাজু হৈছে ৰাজ্যিক বিজেপি৷ আগন্তুক নির্বাচনত দলৰ ৰণকৌশল কি হ’ব, তাক লৈ বিভিন্ন ধৰণৰ প্রস্তুতি আৰম্ভ হোৱাৰ সময়তে একাংশ বিধায়কৰ টিকটক লৈ অনিশ্চয়তাও স্পষ্ট হৈ পৰিছে শাসকীয় দলটোত৷ বহু সমষ্টিত নতুন মুখক অগ্রাধিকাৰ দিয়াৰ বাবেও আৰম্ভ হৈছে চিন্তা–চর্চা৷ এনে প্রস্তুতিৰ মাজতে সোণাপুৰত অনুষ্ঠিত হ’ল ৰাজ্যিক বিজেপিৰ এক চিন্তন বৈঠক৷
ক্রমাগতভাৱে তৃতীয়বাৰলৈ ক্ষমতাৰ গাদী দখলৰ লক্ষ্যৰে শাসকীয় দলটোৱে চলোৱা প্রস্তুতিক লৈ অনুষ্ঠিত এই চিন্তন বৈঠকতে একাংশ বিধায়কৰ কর্মৰাজি তথা সমষ্টিসমূহত কার্যকৰী হ’ব লগা উন্নয়নমূলক আঁচনিক লৈ শীর্ষ নেতৃত্বৰ উপস্থিতিত এক দীঘলীয়া আলোচনা চলিল৷ উল্লেখ্য যে বিধানসভা নির্বাচনক লক্ষ্য কৰিয়েই সোণাপুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত এই চিন্তন বৈঠকত বিশেষভাৱে উপস্থিত থাকিল বিজেপিৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদ বি এল সন্তোষৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ৫০জনৰো অধিক শীর্ষ পর্যায়ৰ নেতা–কর্মী, মন্ত্রী–বিধায়ক আৰু সাংসদসকল৷
মন কৰিবলগীয়া যে কালি চিন্তন বৈঠকৰ পূর্বে লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূর্ণ বৈঠক৷ মন্ত্রী–বিধায়কক লগত লৈ অনুষ্ঠিত এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই একাংশ বিধায়ক আৰু ঘনিষ্ঠ মন্ত্রীক প্রদান কৰিছিল তীব্র সতর্কবাণী৷ শুকুৰবাৰে নিশাৰ ভাগত অনুষ্ঠিত এই বৈঠকতে মুখ্যমন্ত্রীয়ে ২২গৰাকী বিধায়কৰ কামৰ খতিয়ান অতি দুর্বল বুলি চিনাক্ত কৰাৰ লগতে জনসম্পর্ক নথকা এই বিধায়কসকলৰ টিকট কর্তন হোৱাটো নিশ্চিত বুলি স্পষ্ট কৰিছিল৷ বিশেষকৈ মুখ্যমন্ত্রীয়ে মানুহৰ লগত সম্পর্ক নথকা বিধায়কসকল তেওঁলোকৰ ব্যক্তিগত সহায়কৰ বাবে বদনাম হোৱা বুলিও উল্লেখ কৰিছিল৷ মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য আছিল– একাংশ বিধায়কৰ ব্যক্তিগত সহায়কে কৰা বেয়া কামৰ বাবে বিধায়কসকলৰ বদনাম হৈছে৷ দালালি, ঠিকা–ঠুকলিক লৈ ব্যস্ত হৈ থকা এই ব্যক্তিগত সহায়কসকলে বিধায়কৰ সৈতে সাধাৰণ মানুহৰ সম্পর্ক নষ্ট কৰি পেলাইছে৷ এনে বিধায়কৰ প্রার্থিত্ব কর্তনৰো হুংকাৰ দিছিল মুখ্যমন্ত্রীয়ে৷
কার্যতঃ মুখ্যমন্ত্রীৰ এই হুংকাৰৰ পাছতে টিকট কর্তনৰ শংকাই খেদি ফুৰিছে বহু বিধায়কক৷ এনে পৰিস্থিতিৰ মাজতে সোণাপুৰত অনুষ্ঠিত বৈঠকত পুনৰ কালি বিধায়কৰ সাফল্যক লৈ আলোচনা হয়৷ সমান্তৰালভাৱে একাধিক সমষ্টিত চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ কাম সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ লগতে বিধায়কসকলৰ এইক্ষেত্রত গা এৰা মনোভাবক লৈও যথেষ্ট চর্চা চলে বৈঠকত৷ বিজেপিৰ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি বৈঠকত ৰাষ্ট্রীয় নেতা বি এল সন্তোষে প্রতিগৰাকী বিধায়কক সাংগঠনিক দিশ টনকিয়াল কৰাৰ সমান্তৰালকৈ জনসংযোগ বৃদ্ধিৰ বিষয়টোত সর্বাধিক গুৰুত্ব দিয়ে৷
আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ একাংশ বিধায়কে নিজকে ছুপাৰ এমএলএ বুলি ধাৰণা কৰি সাংগঠনিক কাম–কাজ দূৰৰ কথা, চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্রত ব্যর্থ হোৱাৰ কথা আঙুলিয়াই দিয়ে৷ এইক্ষেত্রত মুখ্যমন্ত্রীৰ সকীয়নি– দলীয় বিধায়কসকলৰ ওপৰত চলা প্রথমটো সমীক্ষাত ইতিমধ্যে যি প্রতিবেদন আহিছে, সেইধৰণৰ প্রতিবেদন দ্বিতীয় সমীক্ষাতো যদি প্রকাশ হয়, তেন্তে তেনে বিধায়কৰ টিকট কর্তনৰ পৰা কোনেও বচাব নোৱাৰে৷ লক্ষণীয়ভাৱে কালিৰ চিন্তন বৈঠকতে ২০২১ চনত বিজেপি প্রার্থী পৰাজিত হোৱা সমষ্টিসমূহত প্রয়োজনসাপেক্ষে নতুন মুখক সুযোগ দিয়াৰ বিষয়টোক লৈও আলোচনা হয়৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে বিধায়কসকলক চৰকাৰৰ প্রতিখন আঁচনি সঠিকভাৱে কার্যকৰী কৰাৰ ক্ষেত্রত অক্টোবৰ মাহলৈ সময়সীমা বান্ধি দিছিল৷ অক্টোবৰ মাহৰ পাছত বিধায়কসকলে এনে আঁচনিৰ জৰিয়তে কিদৰে ৰাইজৰ ওচৰ চাপিবলৈ সক্ষম হৈছে সেই সন্দর্ভতো সমীক্ষা চলোৱা হ’ব বুলি স্পষ্ট কৰিছিল৷ চিন্তন বৈঠকত মুখ্যমন্ত্রীয়ে পুনৰ এই বিষয়সমূহ উল্লেখ কৰি বিধায়কসকলক অক্টোবৰ মাহৰ ভিতৰতে সমষ্টিসমূহত নিজৰ স্থিতি শক্তিশালী কৰিবলৈ স্পষ্ট নির্দেশ দিয়ে৷
ইফালে, এই চিন্তন বৈঠকতে অগপ আৰু আন আঞ্চলিক দলৰ সৈতে মিত্রতাৰ বিষয়টোও আলোচনা কৰা হয়৷ মিত্রদলৰ বিধায়ক থকা সমষ্টিতো দলীয় সাংগঠনিক কাম–কাজ ক্ষিপ্র কৰাৰ বাবেও বৈঠকৰ জৰিয়তে শীর্ষ নেতৃত্বই দলীয় বিষয়ববীয়া, মন্ত্রী–বিধায়কক স্পষ্ট নির্দেশ দিয়ে৷