আজি দিনটোৰ ৰাশিফল, আজি ২০ জুলাই, শাওণ মাহৰ ৩ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষ : কিছু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷
মিথুন : ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–অশান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
কর্কট : মন ফৰকাল নাথাকিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কামত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱর্তন নাপাব৷ বাধা দুই–এটা আছে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷
সিংহ : কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যতো কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
কন্যা : কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰী প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব৷ আজিৰ দিনটোত দাম্পত্যত মধ্যম৷ সন্তানৰ চিন্তাৰ আঁত বিচাৰি নাপাব৷ বিদ্যাত উন্নতি৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ৮৷
তুলা : কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
বৃশ্চিক : কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ মনোবল বঢ়াওক৷ গৃহৰ স্বার্থত কিছুমানত এৰা–ধৰা কৰিব৷ পঢ়াত মধ্যম৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৯৷
ধনু : আর্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব৷ আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মকৰ : উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব পাৰে৷ কিবা নতুন চেষ্টাৰ বাবে মনত সাহস গোটাব পাৰিব৷ প্রেমত শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৫৷
কুম্ভ : পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৩৷
মীন : কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবা মতে সকলো দিশেই দুৱাৰ খোলা পাব৷ শৰীৰ সম্পর্কেও সচেতন থাকক৷ দুষ্ট চিন্তা নকৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷