নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম্বোডিয়াৰ সেনাৰ ঘাটিত আক্রমণ থাইলেণ্ডৰ

🔹 ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্র প্রিয়া বিহাৰ শিৱ মন্দিৰক লৈ সংঘাত তীব্রতৰ

নিউজ ডেস্ক, ২৫ জুলাই : থাইলেণ্ডে এফ–১৬ যুদ্ধ বিমানেৰে কালি পুৱা চুবুৰীয়া কম্বোডিয়াৰ সামৰিক ঘাটিত ভয়াৱহ আক্রমণ চলায় ৷ সীমান্তত চলি থকা বিবাদৰ পৰিপ্রেক্ষিততেই থাইলেণ্ড আৰু কম্বোডিয়াৰ সেনাৰ মাজত গুলীয়াগুলী চলাৰ পাছত কালি থাইলেণ্ডে যুদ্ধ বিমানেৰে কম্বোডিয়াৰ সেনাৰ ঘাটিত আক্রমণ কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত সংঘর্ষ তীব্রতৰ হৈ উঠিছে৷ কার্যতঃ এছিয়া মহাদেশত যুদ্ধৰ দামামা বাজিলে৷

থাইলেণ্ড আৰু কম্বোডিয়াৰ সংঘাতৰ কাৰণ হিচাপে আছে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্র প্রিয়া বিহাৰ শিৱ মন্দিৰ৷ এই ঐতিহাসিক শিৱ মন্দিৰটো থাইলেণ্ডে নিজৰ বুলি দাবী কৰি আহিছে যদিও কম্বোডিয়াই এইক্ষেত্রত বিৰোধিতা কৰি আহিছে৷ এই মন্দিৰটোক কেন্দ্র কৰিয়েই ২০০৮ চনৰ পৰা দুয়োখন দেশৰ মাজত সম্পর্কৰ অৱনতি ঘটাৰ লগতে সংঘাত আৰম্ভ হৈছে৷ কালি থাইলেণ্ডে কম্বোডিয়াৰ সেনাৰ ঘাটিত আক্রমণ কৰাৰ পূর্বে পৰহি সীমান্তত দুই দেশৰ সেনাৰ গুলীয়াগুলীত থাইলেণ্ডৰ দুই নাগৰিকৰ মৃত্যু ঘটিছিল৷ এই প্রতিশোধৰ বাবেই কালি কম্বোডিয়াৰ সেনাৰ ঘাটিত থাইলেণ্ডে যুদ্ধ বিমানেৰে আক্রমণ চলায়৷ এই আক্রমণৰ পাছতেই কম্বোডিয়াই থাইলেণ্ডৰ থানম ডংৱাক হাস্পতালৰ ওপৰত প্রত্যাক্রমণ কৰে৷ দুই দেশৰ মাজত হোৱা এই আক্রমণ–প্রত্যাক্রমণত ১১ থাই নাগৰিকৰ মৃত্যু ঘটাৰ লগতে ১৪জন আহত হৈছে৷

থাইলেণ্ডে দাবী কৰা মতে, যুদ্ধ বিমানেৰে কম্বোডিয়াৰ সেনাৰ ঘাটিত আক্রমণ চলোৱাত কেইবাজনো হতাহত হৈছে৷ শিৱ মন্দিৰটো সীমান্তত অৱস্থিত বাবে দুই দেশৰ মাজত বিবাদ চলি আছে৷ ডাংৱেক পর্বতৰ ওপৰত অৱস্থিত এই মন্দিৰটোৰ বাবেই দুয়োখন দেশৰ মাজত ভয়াৱহ যুদ্ধ হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে৷

You might also like