তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চিকিৎসালয়খনৰ আইছ’লেশ্য়ন ৱাৰ্ড আৰু স্ক্ৰীনিং কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা সমূহ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে।মন্ত্ৰী ড০ শৰ্মাৰ লগত আছে পীয়ূষ হাজৰিকা।
ক’ৰণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত লোৱা ব্যবস্থা সমূহ পৰ্যবেক্ষণ কৰি মন্ত্ৰী ড০ শৰ্মাই কয় যে ক’ৰণা ভাইৰাছ প্ৰতিৰোধৰ বাবে আমি কিমান সাজু হৈ আছো আৰু কিমান কাম কৰিব পাৰিম ইয়াৰ বিষয়ে আমি পৰ্যালোচনা কৰিছো। তেজপুৰ মেডিকেল কলেজ ইতিমধ্যে সাজু হৈ আছে। অতি সোনকালে ইয়াৰ টেষ্টিং লেবৰটৰীৰ স্বীকৃতি পাম।যদিহে এই ৰোগে সংক্ৰমণৰ ৰূপ লয় আমি পৰ্যাপ্ত পৰিমাণে ৰাইজক চিকিৎসা কৰিব পাৰো তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছো বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।