নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰে বাৰে একেটা ভুল

🔹 ড০ পার্থসাৰথি মহন্ত

আমি সকলোৱে কৰোঁ৷ একেটা ভুল বাৰে বাৰে৷ কিয় কৰোঁ?

এই ভুলটো যিকোনো ধৰণৰ হ’ব পাৰে৷ কাৰোবাক জীৱনত আৰু বিশ্বাস নকৰোঁ বুলি ঠিক কৰি লৈছোঁ৷ কিন্তু পিছ পাকতেই তেওঁক আন এটা গুপুত কথা কৈ দিছোঁ৷ তপককৈ যিকোনো কথাত মাত নামাতো বুলি মনতে প্রতিজ্ঞা কৰিছোঁ৷ কিন্তু আকৌ একে কামকে কৰিছোঁ৷ মানুহৰ চিগাৰেট এৰাৰ কাহিনী শত–সহস্র৷ জানো এইটো ভুল, কিন্তু কৰি পেলাওঁ৷ এনে ভুলৰ পৰিণামো জানো, কিন্তু পুনৰ কৰোঁ৷ কিয়?

এই প্রশ্ণই যুগ যুগ ধৰি দার্শনিক, মনোবিজ্ঞানী আৰু আমাৰ দৰে সাধাৰণ মানুহক আমনি কৰি আহিছে৷ উত্তৰটো দৰাচলতে নিহিত হৈ আছে আমাৰ মস্তিষ্কত, আৱেগত৷

অভ্যাসৰ শক্তি অদ্ভুত৷ অভ্যাসৰ বলতে মগজুৱে স্বয়ংক্রিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে৷ আমাৰ মগজুৱে আর্হি ভাল পায়৷ আর্হি সৃষ্টি কৰি অভ্যাসে মগজুৰ কাম কমাই দিয়ে আৰু জটিল কাম সহজ কৰি দিয়ে৷ আমি কিবা এটা বাৰে বাৰে কৰিলে মগজুৱে সেইটো এটা দৈনন্দিন কার্য হিচাপে গণ্য কৰি লয় আৰু সেই বিষয়ে গভীৰভাৱে চিন্তা কৰাটো বন্ধ কৰি দিয়ে৷ কাৰোবাৰ যদি কথা–কাম পলমকৈ কৰাৰ অভ্যাস, সেয়া হয়তো এদিন অকস্মাতে বা পৰিস্থিতিবশতঃ আৰম্ভ হৈছিল৷ তেওঁ যিমানেই পলম কৰাৰ পুনৰাবৃত্তি কৰিলে সিমানেই সেয়া তেওঁৰ অভ্যাসগত আচৰণ হৈ পৰিল৷ শেষত এনেকুৱা এটা অৱস্থা হয়গৈ যে যি কামেই নহওক- মগজুৱে পলমকৈ কৰাৰ পৰামর্শ দিয়ে৷ অভ্যাস তেনেকুৱাই৷ কিবা এটা ভাল নে বেয়া নাচায়৷ আগতে কৰা কামবোৰ তেনেদৰেই কৰি গৈ থাকে৷ আপুনি জানে যে তর্কৰ সময়ত চিঞৰ–বাখৰ কৰা উচিত নহয়, আপুনি কিন্তু সেইটোৱেই কৰি পেলায়৷

আমাৰ মগজুত এখন যুদ্ধ চলি থাকে– আৱেগ আৰু যুক্তিৰ মাজত৷ আৱেগ দ্রুত, আকস্মিক আৰু প্রৰোচনামূলক৷ যুক্তি লেহেমীয়া, ন্যায্য আৰু বিচাৰশীল৷ আৱেগিক মগজুৱে দ্রুতভাৱে কাম কৰে, যুক্তিবাদী মগজুৱে ধীৰে–সুস্থিৰে৷ অনুভূতিপ্রৱণতা স্বয়ংক্রিয়, লগতে চিন্তাহীন৷ সেইকাৰণেই মিঠাই নাখাওঁ বুলি ভাবি–চিন্তি লোৱা সিদ্ধান্ত এটা আমি এক ছেকেণ্ডতে পাহৰি যাওঁ আৰু মিঠাইটো খাই দিওঁ৷

আমাৰ কাম–কাজৰ ওপৰত আৱেগৰ প্রভাৱ প্রবল৷ আৱেগে আমাক অন্ধ কৰি পেলায়৷ আমি প্রতাৰিত হওঁ৷ আৱেগৰ দ্বাৰা৷ জীৱনত বহু ক্ষেত্রত আমি ভুল কামকে কৰি থাকোঁ, ভুল মানুহকে বিশ্বাস কৰি থাকোঁ, বেয়া পৰিস্থিতিৰ পৰা আঁতৰি যাব নোৱাৰোঁ৷ কাৰণ আৱেগিকভাৱে অন্ধ হৈ আমি ভাল–বেয়া নেদেখা হৈ পৰোঁ৷

আমি নিয়ন্ত্রণৰ ভ্রমত থাকোঁ৷ এই ভ্রমে আমাক আশা দিয়ে, বিশ্বাস দিয়ে– ‘এইবাৰ আগৰ নিচিনা নহয়, বেলেগ হ’ব৷’ আমি আগতে ভুল এটা কৰি থৈছোঁ, কিন্তু আমাৰ এনে লাগে এইবাৰ সেই কামটো ঠিক হ’ব৷ এনে ইতিবাচকতা কিছু কিছু ক্ষেত্রত ভাল৷ কিন্তু এনে আশাই যেতিয়া ক্ষতিকাৰক কামৰ পুনৰাবৃত্তি কৰায়, তেতিয়া ই বিপজ্জনক হৈ পৰে৷ জুৱাৰীখিনি এনে ভ্রমৰ বলিৰ ডাঙৰ উদাহৰণ৷ বাৰে বাৰে হাৰিও এই মানুহখিনি জুৱা খেলিবলৈ যায়৷ কাৰণ এটা ভ্রমত থাকে– এইবাৰ জিকিম৷

বিড়ম্বনাৰ কথাটো হ’ল- ভুলটোক লৈ হোৱা আমাৰ অপৰাধবোধেও কেতিয়াবা সেই ভুলৰ পুনৰাবৃত্তি কৰায়৷ আমি এটা নাখাবলগীয়া বস্তু খালোঁ, অপৰাধবোধ হ’ল, আমি ভাবি লওঁ– অকণমান খালোঁৱেই যেতিয়া ভালকৈয়ে খাই পেলাওঁ৷ অপৰাধবোধ– ভুল– পুনৰ অপৰাধবোধ এটা চক্রত পৰিণত হয়৷

মানুহে অনিশ্চয়তাক ভয় কৰে৷ পৰিস্থিতি বেয়া হ’লেও, সেই বেয়াৰ পৰা পৰিৱর্তনৰ ধাৰণাটোও বহুতৰে বাবে ভয়ংকৰ হ’ব পাৰে৷ এনে মানুহে ভুলবোৰ উপভোগ কৰাৰ কাৰণে নহয়, বৰঞ্চ পৰিৱর্তনে অধিক ডাঙৰ বিপদ আনিব পাৰে বুলি ভয় খাই পুৰণি ভুলটোকে কৰি থাকে৷ কাৰণ জনা বিপদতকৈ নজনা বিপদক মানুহে বেছি ভয় কৰে৷

আমাৰ ক্রিয়া–প্রতিক্রিয়াত শৈশৱৰ এটা ডাঙৰ ভূমিকা আছে৷ আমি সৰুতে কিবা এটা দেখিছিলোঁ, শুনিছিলোঁ৷ সেয়া তেতিয়া প্রাসংগিক আছিল, প্রয়োজনীয় আছিল৷ এতিয়া নহয়৷ জীয়াই থকাৰ বাবে তেতিয়া জৰুৰী আছিল, এতিয়া নহয়৷ বিশ্লেষণ নকৰাকৈ অনুকৰণ কৰি থকা শৈশৱৰ আর্হিৰ বাবে আমি কৰি থাকোঁ কিছুমান কৌটিকলীয়া ভুল৷

আমি বিশ্লেষণ নকৰোঁ৷ এখন্তেক থমকি ৰৈ ভাবিবলৈ আমাৰ আহৰি নাই৷ এটা কামৰ পৰা আন এটালৈ, এটা সম্পর্কৰ পৰা আন এটালৈ, এটা সিদ্ধান্তৰ পৰা আন এটালৈ আমি জঁপিয়াই থাকোঁ৷ বিৰতিও নাই, বিশ্লেষণো নাই৷ এনেদৰে আওকাণ কৰি থকাৰ ফলত ভুলবোৰেই হৈ পৰে আর্হি৷

চৌপাশৰ মানুহবোৰতো আছেই৷ সমনীয়াৰ চাপ প্রতিৰোধ কৰা আৰু সামাজিক প্রভাৱ প্রতিহত কৰা সহজ নহয়৷ মানুহ সামাজিক সত্তা৷ আমি গোটৰ অন্তর্গত হৈ থাকিব বিচাৰোঁ৷ সেয়েহে বহু সময়ত আমি প্রজ্ঞাৰ সলনি গ্রহণযোগ্যতাক বাছি লওঁ৷ ভুলেই কৰি থাকিম, কিন্তু সকলোৰে লগত থাকিম৷ আমাৰ মনোভাব৷ অর্থাৎ কিছুমান ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ আমি কেৱল নিজকেই নহয়, আমাৰ চৌপাশো সলনি কৰিব লাগিব৷

কেতিয়াবা আকৌ অতীতক ঠিক কৰিবলৈ চেষ্টা কৰিও মানুহে ভুলৰ পুনৰাবৃত্তি কৰে৷ ঘাটো বেলেগ ধৰণে ভাল হোৱাৰ আশাত পুনৰ খুলি দিয়াৰ দৰে৷ প্রথমবাৰ হোৱা ভুলটো নাকচ কৰিবলৈ মানুহে সেই কামটো আকৌ এবাৰ কৰে৷ অর্থাৎ প্রথমবাৰ হোৱা ভুলটো বাতিল কৰিবলৈ চেষ্টা কৰি তেওঁলোকে সেইটো পুনৰাবৃত্তি কৰে৷ আমি মানি ল’ব নোৱাৰোঁ যে কিছুমান কাম পুনৰ কৰি ঠিক কৰিব নোৱাৰি৷

উপায় এটাই৷ আমি চক্রটো ভাঙিব পাৰিব লাগিব৷ তাৰ কাৰণে আমি সতর্ক হ’ব লাগিব৷ আর্হিটো চিনাক্ত কৰিব লাগিব৷ আৱেগটো উপলব্ধি কৰিব লাগিব৷ তৎক্ষণাত প্রতিক্রিয়া প্রকাশ কৰিব নালাগে৷ ক্ষন্তেক থমকি মগজুক চিন্তা কৰাৰ সুযোগ দিব লাগে৷ প্রয়োজন হ’লে পৰিৱেশ সলনি কৰিব লাগিব৷ কোনো বিশেষ মানুহ বা পৰিস্থিতিয়ে যদি ভুলৰ ফালে ঠেলি দিয়ে আঁতৰি যাব লাগিব৷ নিজকে বুজিব লাগিব৷ বুজি উঠি আগবাঢ়িব লাগিব৷ নতুন অভ্যাসৰ সৃষ্টি কৰিব লাগিব৷

আমি যন্ত্র নহয়৷ ভুল হ’বই৷ ভুলবোৰ মানুহ হোৱাৰ এটা অংশ৷ মূল কথাটো হ’ল শিকা৷ আমাৰ ভুলৰ আঁৰৰ ‘কিয়’ বুজি পোৱা৷

ফোন : ৯৪৩৫০–৪৮৪৮০

 

You might also like