নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখল উচ্ছেদ, জাতি ৰক্ষা আৰু অসমৰ শেহতীয়া পৰিস্থিতি

🔹 হিৰণ্য বৰা

অসমৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ উচ্ছেদ অভিযানে অসমৰ ৰাজনৈতিক পৰিস্থিতিত খলকনি লগাইছে৷ দেখাত বিজেপিবিৰোধী ৰাজনৈতিক দলসমূহে এই উচ্ছেদ অভিযানৰ প্রবল বিৰোধিতা কৰিছে৷ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা দলসমূহৰ চৰকাৰবিৰোধী স্থিতি আৰু কৌশল সকলোৰে ভিন্ন ভিন্ন৷ কিছুমাহ আগলৈকে সংখ্যালঘু লোকৰ মাজত খোপনি হেৰুওৱা এ আই ইড ডি এফে বদৰুদ্দিন আজমলক সাঙিত বান্ধি লৈ সংখ্যালঘু লোকৰ মাজত ঘূৰাই ফুৰাইছে৷ তেওঁলোকে এইটো প্রমাণ কৰিবলৈ গৈছে যে সংখ্যালঘুৰ একমাত্র ত্রাণকর্তা বদৰুদ্দিন আজমলহে৷ চিকিৎসালয়ৰ পৰা চিকিৎসকৰ পৰামর্শ নামানি সংখ্যালঘুৰ হকে তেওঁ যুঁজ দিবলৈ ওলাই আহিছে৷ পূর্বতে সকলোৰে মুখে মুখে ওলোৱা আজমলৰ লগত হিমন্ত বিশ্ব শর্মাৰ গোপন মিতিৰালি আছে– সেই অনুভৱ পুনৰ বদৰুদ্দিনৰ সংখ্যালঘুৰ মাজত ত্রাণকর্তা হিচাপে থিয় দিবলৈ গৈ তেওঁলোকে প্রতিষ্ঠা কৰিলে৷ কাৰণ বেদখল সম্পর্কে ক্ষতিগ্রস্ত সম্প্রদায়টো হৈছে মিশ্রিত সম্প্রদায়৷ সেয়ে সকলোৱে বিচাৰিছিল বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে তীব্র বিষোদগাৰ কৰক, তেওঁক গৰিহণা দিয়ক৷ কিন্তু ৰোগগ্রস্ত আজমলৰ মুখৰ পৰা হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে এটাও টু শব্দ উচ্চাৰিত নহ’ল৷ সেয়া কিন্তু কিমাশ্চর্যম বুলি সকলোৱে বু–বা কৰিছে৷

আন এটা মূল ৰাজনৈতিক দল কংগ্রেছৰ নেতা, সভাপতি গৌৰৱ গগৈয়ে আজিলৈ উচ্ছেদস্থলীত ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰিবলৈ যোৱা নাই৷ সাপো মৰক লাঠীও নাভাঙক- তেনে শব্দৰে তেওঁ আৰু দলে বিবৃতি দিছে যদিও এই বিবৃতিক লৈ সংখ্যালঘু নেতাসকল আশ্বস্ত হ’ব পৰা নাই, বৰং বিভিন্ন প্রচাৰ মাধ্যমত কংগ্রেছে আমাৰ ভোট ল’লে, আমাৰ বাবে কি কৰিলে বুলি বিভিন্নজনে প্রশ্ণ তুলি সমালোচনাহে কৰিছে৷ কংগ্রেছৰ সংখ্যালঘু নেতা বুলি মহা দাংকোপ মৰা ৰকিবুল হুছেইনে উচ্ছেদস্থলীলৈ গ’লেও, সংখ্যালঘুসকলক আশ্বস্ত কৰাৰ চেষ্টা কৰিলেও চকুপানী নোলোৱা তেওঁৰ হিয়াভগা কান্দোনে বৰং সংখ্যালঘু লোকৰ মাজত তীব্র প্রতিক্রিয়াৰহে সৃষ্টি কৰিছে৷ আনকি তেওঁলোকে উল্লেখ কৰিছে- ‘‘এটা নহয়, দুটা নহয় পঞ্চাশটা হিমন্ত বিশ্ব আহিলেও আপোনালোকক একো কৰিব নোৱাৰে’’ বুলি বুঢ়া আঙুলি দেখুৱাই তেওঁ দাম্ভিকতা প্রকাশ কৰাৰ বাবেই আজি উচ্ছেদ হ’বলৈ পালে বুলি জাউৰি জাউৰিয়ে ৰকিবুল হুছেইনক পুৰুষ–মহিলা সকলোৱে তীব্র বাক্যবাণৰ শেল মাৰিছে৷

অসমৰ জাতীয়তাবাদী দল বুলি জহাই ফুৰা প্রাক্তন আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ জাতীয় পৰিষদে মৰাপাটৰ ঠাৰি ভঙাৰ নিচিনাকৈ ঠুনুকাকৈ ইয়াৰ প্রতিবাদ কৰিছে৷ কিন্তু তেওঁলোকে দলৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য সজোৰে প্রকাশ কৰিছিল যে অসমীয়া মানুহৰ জাতীয় স্বার্থ ৰক্ষা কৰাৰ বাবে এসময়ত ৰঘুনাথ চৌধাৰীয়ে গঠন কৰা ‘অসম জাতীয় পৰিষদ’ নামৰ সংগঠনৰ লগত সংগতি ৰাখি ‘‘অসম জাতীয় পৰিষদ’’ ৰাজনৈতিক দল খোলা হ’ল৷ তেতিয়াহ’লে অসমৰ স্বার্থ ৰক্ষা কৰিবলৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই বেদখলকাৰীসকলক উচ্ছেদ কৰা কার্যটোক তেওঁলোকে সমর্থন কৰিবলৈ কিয় ইমান কষ্ট পালে আমি বুজিব নোৱাৰিলোঁ৷ অজিত কুমাৰ ভূঞাৰ ‘নাগৰিক মঞ্চ’ই ৰুমৰ ভিতৰৰ পৰাই ডাঙৰ ডাঙৰকৈ চিঞৰিছে যদিও মানুহে সেই কথালৈ বিশেষ গুৰুত্ব দিয়া দেখা নাই৷ কাৰণ তেওঁৰ বক্তব্যৰ কোনো প্রাসংগিকতা নাই৷ গোটেই অসমীয়া জাতিৰ সর্বনাশৰ কাণ্ডাৰী হৈছে আজিৰ তাৰিখত অখিল গগৈ৷ অস্থিৰ, অসহিষ্ণু, সুবিধাবাদী আৰু আদর্শহীন ৰাজনৈতিক সত্তা হৈছে অখিল গগৈৰ ‘কৃষক মুক্তি সংগ্রাম পৰিষদ’৷ অসমৰ ভৱিষ্যত মুখ্যমন্ত্রী হোৱাৰ সপোন ৰচি মুছলমান সম্প্রদায়ক উচটাই অসমত এটা সাম্প্রদায়িক সংঘর্ষ সৃষ্টি কৰাৰ বাবে তেওঁ সকলোপিনৰ পৰাই চেষ্টা চলাই আহিছে৷ অসমৰ ৰাজনীতিত অসমীয়া জাতীয় স্বার্থবিৰোধী এইজনেই প্রথম নেতা, যিয়ে অসমীয়া জাতিক জলাঞ্জলি দি হ’লেও ক্ষমতাৰ লালসাত অসমৰ অহিতে পৰিচালিত কথাক আদৰণি জনাইছে৷ নিজক বাঁওপন্থী আদর্শৰ সত্তা বুলি ভবা এই অখিল গগৈক সমর্থন কৰিছে হীৰেন গোহাঁইহঁতৰ দৰে বাতানুকূল কোঠাৰ ভিতৰত বহি ৰাজনীতি কৰা এচাম বুদ্ধিজীৱী লোক৷

বেদখল উচ্ছেদ সম্পর্কে পূর্বৰ ইতিহাস খুঁচৰাৰ আগতে মই কেইটামান প্রশ্ন জনসাধাৰণৰ জ্ঞাতার্থে দাঙি ধৰিব খুজিছোঁ৷ (১) কোনখন চৰকাৰে চৰকাৰী মাটি দখল কৰা লোকসকলক উচ্ছেদ কৰা নাই? (২) চৰকাৰী মাটিত আইনবিহীনভাৱে বেদখল কৰি স্থায়ীভাৱে বসবাস কৰাৰ অধিকাৰ কোনখন আইনে বেদখলকাৰীসকলক দিলে? (৩) আইনৰ প্রয়োজনীয় নীতি–নিয়ম মানি বেদখল উচ্ছেদ কৰাটো আইনসিদ্ধ নহয়নে? চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰি থকা কেইবা লক্ষ বিঘা ভূমি উদ্ধাৰ কৰাটো চৰকাৰৰ অপৰাধ নেকি?

অসমৰ আর্থ–সামাজিক দৃষ্টিকোণৰ পৰা নিঃসন্দেহে এনে উচ্ছেদৰ প্রয়োজনীয়তা আছে৷ কিন্তু উচ্ছেদক লৈ এতিয়া অসমৰ ৰাজনৈতিক দলসমূহৰ মাজতে মেৰু বিভাজন ঘটা দেখিবলৈ পোৱা গৈছে৷ দখল কৰি থকা কেইবা লক্ষ বিঘা ভূমি উদ্ধাৰ কৰাটো চৰকাৰৰ অপৰাধ নেকি? অসমৰ বাবে চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ চলোৱা উচ্ছেদ অপ্রয়োজনীয় নেকি? এই বিষয়বোৰ সম্পর্কে কোনেও কিন্তু স্পষ্ট উত্তৰ দিয়া নাই৷ কেৱল সস্তীয়া ৰাজনৈতিক বাতাৱৰণ এটা সৃষ্টি কৰাৰ বাবে আৰু মিঞা ভোটাৰসকলৰ সমর্থন আদায় কৰাৰ বাবে সকলো ৰাজনৈতিক দল উঠি-পৰি লাগিছে৷ ই এক লজ্জাজনক বিষয়৷ ৰাজনৈতিক দলসমূহৰ কর্তব্য হোৱা উচিত আছিল- চৰকাৰে লোৱা দৃঢ় পদক্ষেপৰ প্রতি চৰকাৰক সমর্থন কৰা৷ কিন্তু এইক্ষেত্রত ৰাজনৈতিক দলসমূহে কোনো সন্তোষজনক ভূমিকা নোলোৱাটো বৰ গর্হিত কাম হৈছে৷

অসম কিয় ৰসাতললৈ গৈছে? ইয়াৰ মূলতে দায়ী আমাৰ ৰাজনৈতিক দলসমূহৰ জাতিটোৰ প্রতি দায়বদ্ধহীনতা৷ বিশেষকৈ মূল ৰাজনৈতিক দল হিচাপে ৭০ দশকৰ পিছত কংগ্রেছ দলেই ইয়াৰ বাবে মূলতঃ প্রধান দোষী আৰু দ্বিতীয় দোষী ৰাজনৈতিক দলটো হৈছে অসম গণ পৰিষদ দল৷ জীৱনৰ ৮০ৰ ঊর্ধ্বৰ ৰাজনৈতিক নেতা হিচাপে, কংগ্রেছ দলৰ বিষয়ববীয়া হিচাপে ওচৰৰ পৰাই কংগ্রেছ দলৰ কার্যকলাপ, নীতি আৰু আদর্শহীনতা মই লক্ষ্য কৰি আহিছোঁ ৷ বিশেষকৈ ১৯৭১ চনৰ পিছত অর্থাৎ ভাৰত–পাকিস্তান যুদ্ধৰ পিছত লক্ষ লক্ষ বিদেশী লোক উত্তৰ–পূর্বাঞ্চলত সোমাইছিল৷ এই লক্ষ লক্ষ বিদেশী লোকৰ সংখ্যা এতিয়ালৈকে কোনো চৰকাৰে নির্ণয় কৰিব পৰা নাই৷ আৰু এওঁলোকক মূলতে কংগ্রেছ দলে সমর্থন দি অহাৰ ফলত বিদেশী আইনৰ যথার্থতা নোহোৱা হৈছে৷ মোৰ মনত পৰিছে- তৰুণ গগৈৰ দিনতে অসমৰ মুছলমানক সুৰক্ষিত কৰিবলৈ কংগ্রেছৰ চেন্ট্ৰেল ৱর্কিং কমিটীত এটা প্রস্তাৱো গোপনে গ্রহণ কৰা হৈছিল৷ শৰৎ সিংহৰ কার্যকালৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰে বাৰে বাৰে উল্লেখ কৰা সত্ত্বেও এজনো বিদেশী বিতাড়ন কৰা নাছিল আৰু আটাইতকৈ সর্বনশীয়া জাতিবিৰোধী কার্যত লিপ্ত হৈছিল ক্ষমতাৰ বাবে আকুল হৈ থকা হিতেশ্বৰ শইকীয়াই৷ অসমীয়া জাতিৰ প্রতি দায়বদ্ধতা থকা হ’লে আই এম ডি টি আইন প্রণয়ন কৰাৰ বাবে তেওঁ কেন্দ্রক হেঁচা নিদিলেহেঁতেন৷ তেওঁৰেই মন্ত্রীসভাৰ সদস্য অসমীয়াবিৰোধী আব্দুল মুহিম মজুমদাৰে নিজেই স্বীকাৰ কৰিছে যে তেৱেঁই আই এম ডি টি আইনৰ প্রস্তুতকর্তা৷ মই এই সম্পর্কে বিস্তৃত ব্যাখ্যা কৰিব খোজা নাই এই সৰু প্রবন্ধটোত৷ শুনিলেই গা শিয়ৰি উঠিব- শৰৎ চন্দ্র সিংহ আৰু হিতেশ্বৰ শইকীয়াৰ অতি আপোন মন্ত্রী ভূমিধৰ বর্মনে ৰঘুনাথ চৌধাৰী, বিপিন পাল দাসৰ পৈতৃক সম্পত্তিও অনা–অসমীয়া লোকক পট্টন দিয়াইছিল৷ এই সম্পর্কে মোক এজন ৰাজহ বিভাগৰ বিষয়াই দুখ আৰু ক্ষোভ কৰি উল্লেখ কৰিছিল৷ নামনি অসমত অনা–অসমীয়াক অগ্রাধিকাৰ দি অসমীয়া লোকৰ জনবিন্যাস সলনি কৰাৰ মূল মানুহজনেই আছিল ভূমিধৰ বর্মন৷

এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আগৰ কংগ্রেছী নেতাসকলৰ আদর্শ, জাতিৰ প্রতি থকা দায়বদ্ধতা কেনেধৰণে গভীৰ আৰু কঠোৰ আছিল তাক তলৰ উদাহৰণেৰে উল্লেখ কৰিব খুজিছোঁ ৷ সকলোৱে জানে, প্রধানমন্ত্রী গোপীনাথ বৰদলৈৰ পৰা বিমলা প্রসাদ চলিহালৈ অসমীয়া জাতিৰ স্বার্থৰ বাবে এখেতসকলে সর্বোচ্চ ত্যাগ কৰিছিল৷ আজি সেই ত্যাগ কৰা কংগ্রেছৰ আদর্শৱান নেতাসকল সময়ৰ সোঁতত হেৰাই গ’ল৷ এতিয়া অসমত কংগ্রেছ চলে জিতেন্দ্র সিংহঁতৰ দৰে নেতাৰ ঠাঁৰত৷ কংগ্রেছ চলে দিল্লীৰ নির্দেশত৷ সেয়ে কংগ্রেছৰ আজি এই গতি৷

মোৰ বোধেৰে উচ্ছেদক ৰাজনৈতিক মতৰ ওপৰত ৰাখি সকলোৱে মানিবলগীয়া এটা বিষয়৷ কাৰণ ইয়াৰ সৈতে অসমীয়া জাতিৰ অস্তিত্বৰ কথা জড়িত হৈ আছে৷ পুৰণি কাকতৰ টোপোলাত থকা কেতিয়াবা কেতিয়াবা একোখন অমূল্য কাগজ আমাৰ হাতত পৰেহি৷ পুৰণি কাকতৰ টোপোলা খুঁচৰি থাকোঁতে এখন গুৰুত্বপূর্ণ পত্র মোৰ হাতত পৰিলেহি৷ পত্রখন লিখিছিল ১৯৫০ চনৰ ৩০ আগষ্ট তাৰিখে অসমৰ সহকাৰী সচিবে অসম প্রদেশ কংগ্রেছ কমিটীৰ সম্পাদকলৈ৷ তেওঁ পঠোৱা এটা ৰাজনৈতিক প্রস্তাৱৰ ওপৰত চৰকাৰে লোৱা ব্যৱস্থা সম্পর্কে৷ এই ৰাজনৈতিক প্রস্তাৱটো গ্রহণ কৰিছিল ১৯৫০ চনৰ ২২, ২৩ এপ্রিল তাৰিখে যোৰহাটত অনুষ্ঠিত হোৱা ৰাজনৈতিক সন্মিলনত৷ ইয়াত সভাপতিত্ব কৰিছিল প্রখ্যাত ৰাজনৈতিক নেতা দেৱেশ্বৰ শর্মাই৷ প্রস্তাৱটো তলত উল্লেখ কৰা হ’ল–
১ নং প্রস্তাৱ :
(ক) দেশৰ উন্নতিৰ মূলতে কৃষি আৰু এই কৃষিৰ উন্নতি কৰিবলৈ হ’লে খেতিয়কৰ গৰু, ম’হবিলাকৰ উন্নতি কৰিব লাগিব৷ গতিকে অসমত যিবিলাক Professional Grazing Reserves আছে সেইবিলাক সম্পূর্ণৰূপে আছুতীয়াকৈ ৰাখি গো–জাতিৰ সম্পূর্ণ হিত সাধন কৰা চৰকাৰৰ একমাত্র কর্তব্য৷ এনেকুৱা Professional Grazing reservesত বেদখল কৰা সকলো লোককে অচিৰে উচ্ছেদ কৰি তাত বৈজ্ঞানিক উপায়েৰে ঘাঁহ উৎপন্ন কৰি খেতিয়কৰ মংগল সাধন কৰিবলৈ আজিৰ সভাই অসম চৰকাৰক টানি দাবী জনায়৷

(খ) গো–জাতিৰ উন্নতি কৰিবৰ কাৰণে গো–পথাৰবিলাকত গৰু–ম’হৰ উপযোগী ঘাঁহ উৎপন্ন কৰিবলৈ গো–পথাৰবিলাক যিবোৰত নল–খাগৰি আৰু গৰু–ম’হে নোখোৱা ঘাঁহ ইত্যাদিৰ অটব্য হাবি হৈছে আৰু ঘাঁহ লেশমাত্রও নোহোৱা হৈছে, সেইবিলাক ৰিজার্ভত ৰাইজে চৰকাৰৰ পৰা সাময়িক অনুমতি লৈ সেই হাবি–জংঘল চাফা কৰি হাল বাই সমবায় ভিত্তিত এবছৰৰ বাবে অস্থায়ী খেতি কৰি অধিক ঘাঁহ উৎপন্ন আৰু অধিক শস্য উৎপাদন কৰাৰ কাৰণে আজিৰ সভাই ৰাইজক অনুৰোধ কৰে আৰু তেনে অনুমতি দিবৰ কাৰণে চৰকাৰকো অনুৰোধ জনায়৷ ইয়াৰ পৰাই লক্ষ্য কৰিব পাৰি যে কংগ্রেছ দল বেদখলকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত কেনে আগ্রহী আছিল৷ সবাতোকৈ বেদখলকাৰীসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাইছিল মুখ্যমন্ত্রী বিষ্ণুৰাম মেধিয়ে৷ যাৰ বাবে তেওঁ অসম এৰি যাব লগা হৈছিল৷ বিমলা প্রসাদ চলিহাই উচ্ছেদ অভিযান চলাওঁতে ১১জন বিধায়কে তেওঁৰ বিৰুদ্ধে তেতিয়াৰ কংগ্রেছ সভাপতি কামৰাজক স্মাৰক–পত্র দিছিল৷ এইবোৰ ইতিহাসৰ কুঁৱলীয়ে ঢকা সত্য কাহিনী৷ এই সম্পর্কত মই আজি বেছি উল্লেখ কৰিব খোজা নাই৷

মই প্রথমতেই কংগ্রেছ দলৰ জ্যেষ্ঠ কর্মী হিচাপে মুখ্যমন্ত্রীৰ উচ্ছেদ অভিযানক সজোৰে সমর্থন কৰিছোঁ৷ ইয়াৰ বাবে মই ককর্থনাৰ সন্মুখীনো হৈছোঁ৷ তথাপি মই মোৰ যুক্তি আৰু স্থিতিত অটল আছোঁ ৷ মই মুখ্যমন্ত্রীক এটা কথাতে বেয়া পাইছোঁ, উচ্ছেদ কৰা বেদখলকাৰীসকলক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা ল’ব বুলি কোৱা বাক্যশাৰীত৷ বেদখলকাৰীসকল সদায়ে অপৰাধী, এওঁলোক ক্ষমাৰ মার্জনাৰ বাহিৰত৷ এনেধৰণৰ টুলুঙা মন্তব্য মুখ্যমন্ত্রীয়ে নকৰা ভাল৷ দ্বিতীয়তে, মুখ্যমন্ত্রীয়ে বেদখল উচ্ছেদ কৰা অঞ্চলসমূহত কি কি আঁচনি গ্রহণ কৰি ভৱিষ্যতলৈ বেদখল বন্ধ কৰিব, এই সম্পর্কে তেওঁৰ কোনো স্থিতি আমি দেখা নাই৷ ভৱিষ্যতে বেদখল বন্ধৰ বাবে আইনগত কি ব্যৱস্থা গ্রহণ কৰিব সেই বিষয়েও তেওঁ উল্লেখ কৰা নাই৷ তেওঁ যদি ভাবিছে যে অসমীয়া মানুহৰ আৱেগ–অনুভূতিক লৈ তেওঁ ৰাজনৈতিকভাৱে লাভৱান হ’ব, তেতিয়া মই ভাবিম তেওঁ মূর্খৰ স্বর্গত বাস কৰিছে৷ তেওঁ শৰৎ চন্দ্র সিংহ, প্রফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া হ’ব নালাগে৷ তেওঁ গোপীনাথ বৰদলৈ বা বিষ্ণুৰাম মেধি হওক৷ সদায় অসমীয়া জাতিৰ নমস্য হৈ থাকিব৷ শেষত তেওঁক মই আকৌ উনুকিয়াই দিব খুজিছোঁ– পাতলীয়া কথা আৰু কামেৰে গভীৰ কথাবোৰ লঘু নকৰিব, জাতিয়ে কিন্তু আপুনি কি কৰে সূক্ষ্মভাৱে লক্ষ্য কৰি আছে৷ মুখ্যমন্ত্রী হিচাপে আপুনি এতিয়া ইতিহাস ৰচাৰ সময়৷ সেই বিষয়ে গভীৰভাৱে চিন্তা কৰিব৷

লেখক কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন বিধায়ক

ফোন : ৯৪৩৫০ ৮৩৭৭৬

You might also like