অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
বিটিআৰত ইউ পি পি এল আৰু বিপিএফ একত্ৰিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিটিআৰৰ পৰা বাহিৰ কৰি দিব লাগে বুলি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ প্ৰান্তীয় সমিতি ৷
ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা এনে অশালীন মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বিটিআৰ সমিতিৰ সভাপতি বুবুল নাথ আৰু সম্পাদক তপেশ্বৰ নাথে অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাৱী জনাই বিধায়ক গৰাকীৰ বিৰুদ্ধে তামুলপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।
বিটিআৰ নিৰ্বাচনত কাক সমৰ্থন কৰিব সেয়া বিটিআৰৰ ৰাইজে সিদ্ধান্ত ল’ৱ বুলি উল্লেখ কৰি ইয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ চিন্তা কৰিবলগীয়া একো নাই বুলি উল্লেখ কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদে বিটিআৰত অস্থিৰ পৰিৱেশ সৃষ্টিৰ চেষ্টা কৰা বুলি বিধায়ক গৰাকীৰ বিৰুদ্ধে অভিযোগ উথ্থাপন কৰে। ৰাজ্যৰ সাংবিধানিক পদাধিকাৰী মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা বিধায়ক অখিল গগৈক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাৱী জনাই হিন্দু যুৱ ছাত্ৰ পৰিষদে ইয়াৰ অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
নিয়মীয়া বাৰ্তা, বাঙালীপাৰা, ৩১ জুলাই