হিট এণ্ড ৰান কাণ্ড : অৱশেষত সাৰ পালে মহানগৰ আৰক্ষী। ছাত্ৰ ছামিউলৰ মৃত্যুত অভিযুক্ত অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে নন্দিনীক গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱাত আদালতে দুদিনৰ আৰক্ষীৰ জিম্মাত দিছে নন্দিনী কাশ্যপক। হিট এণ্ড ৰান কাণ্ডৰ মূল অভিযুক্ত নন্দিনীক ইফালে পাণবজাৰ মহিলা থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ছামিউলৰ মৃত্যুৰ পিছত ঘটনাই মোৰ লোৱাত অভিনেত্ৰী নন্দিনীক তেওঁ অভিনয় চুক্তিবদ্ধ হোৱা ৰাজধানী থিয়েটাৰেও চুক্তি বাতিল কৰে। ইফালে ওৰেনিশা লকআপতে উজাগৰী নিশা কটালে অভিনেত্ৰী নন্দিনী কাশ্যপে।
মহানগৰীৰ দক্ষিণ গাঁৱত সংঘটিত হিট এণ্ড ৰানৰ ঘটনাত অৱশেষত সাৰ পালে মহানগৰ আৰক্ষী৷ ২৫ জুলাইৰ পুৱতিনিশা সংঘটিত দুর্ঘটনাটোত গুৰুতৰভাৱে আহত ছামিউল হক নামৰ যুৱকজনৰ মৃত্যু হোৱাৰ পাছত গ্রেপ্তাৰ কৰা হ’ল অভিনেত্রী নন্দিনী কাশ্যপক৷ নন্দিনীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ অৱশ্যে আৰক্ষীয়ে পাঁচ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল নন্দিনীক৷
ইফালে, অভিনেত্রীগৰাকীক গ্রেপ্তাৰ তথা ২৫ জুলাইৰ পুৱতিনিশা সংঘটিত দুর্ঘটনাটোক লৈ সংবাদ মেল সম্বোধন কৰি মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই কয় যে ২৫ জুলাইৰ নিশা ৩ বজাত দুর্ঘটনাটো সংঘটিত হৈছিল৷ য’ত এখন বলেৰ’ বাহনে এজন স্কুটী আৰোহীক খুন্দা মাৰিছিল৷ এই খবৰটো পিছদিনা পুৱাহে যান–বাহন আৰক্ষীয়ে লাভ কৰিছিল৷ খবৰ পোৱাৰ পাছতে যান–বাহন আৰক্ষীয়ে নন্দিনী কাশ্যপক থানালৈ মাতি আনে আৰু তেওঁক সোধা–পোছা কৰে৷ আঘাতপ্রাপ্ত ছামিউল হকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক আছিল৷
প্রথমতে এই সন্দর্ভত ৰুজু হোৱা এজাহাৰত কোনো অভিযুক্তৰ নাম নাছিল৷ যেতিয়া আমি সোধা–পোছা কৰি গম পালোঁ যে নন্দিনী কাশ্যপ নামৰ এগৰাকী মহিলা এই ঘটনাত জড়িত হৈ আছে, তেতিয়াই তেওঁক মাতি আনি সোধা–পোছা কৰা হ’ল৷ সোধা–পোছা কৰাৰ অন্তত পি আৰ বণ্ডত তেওঁক যাবলৈ দিয়া হৈছিল আৰু লগতে এখন ন’টিচ জাৰি কৰা হৈছিল যে যেতিয়াই তেওঁক মতা হ’ব, তেতিয়াই যাতে তেওঁ থানালৈ আহে৷ কালি সন্ধিয়া প্রায় ৬ বজাত আঘাতপ্রাপ্ত ভুক্তভোগীৰ মৃত্যু হয়৷ প্রথম অৱস্থাত গোচৰটোত যিবোৰ ধাৰা সংযোজন কৰা হৈছিল, সকলোবোৰ জামিনযোগ্য ধাৰা আছিল৷
সেয়েহে আমি কালি নিশাৰ ভিতৰতে আদালতত প্রার্থনা জনাই জামিন অযোগ্য ধাৰা সংযোজন কৰোঁ৷ ডিচিপি বৰাই সদৰী কৰা অনুসৰি প্রথম অৱস্থাত ভাৰতীয় ন্যায় সংহিতাৰ ১১৫ (২)/১২৫(বি)/২৮১ ধাৰাৰ অধীনত ৬৩০/২০২৫ নম্বৰৰ গোচৰ দিছপুৰ থানাত ৰুজু কৰা হয়৷ পৰৱর্তী সময়ত ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা সংযোজন কৰা হয়৷ আনহাতে, নন্দিনীয়ে পূর্বে উল্লেখ কৰিছিল যে দুর্ঘটনাৰ পাছতে তেওঁ নিজেই ফোন কৰি নিশাৰ ভাগতে আৰক্ষীক অৱগত কৰিছিল৷ আনকি আজি নন্দিনীৰ মাতৃয়েও এই কথা স্পষ্ট কৰিছে৷
কিন্তু নন্দিনী আৰু তেওঁৰ মাতৃৰ এই ভাষ্য নস্যাৎ কৰিছে মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ ডিচিপি বৰাই৷ তেওঁ সংবাদ মেলত সদৰী কৰা অনুসৰি দুর্ঘটনা সন্দর্ভত গুৱাহাটী যান–বাহন আৰক্ষীয়ে নিশাৰ ভাগত কোনোধৰণৰ তথ্য লাভ কৰা নাছিল৷ আমি গম পোৱাৰ পিছত ২৬ জুলাইত থানাত সোধা–পোছা কৰাৰ পাছত তেওঁক যাবলৈ দিয়া হৈছে৷
উল্লেখ্য যে ২৫ জুলাইৰ পুৱতিনিশা অভিনেত্রী নন্দিনী কাশ্যপৰ এ এছ ০১ এফএম ৯১৯৯ নম্বৰৰ বলেৰ’ বাহনখনে ছামিউল হকে চলাই অহা স্কুটীত তীব্র জোৰে খুন্দা মাৰে৷ যাৰ বাবে গুৰুতৰভাৱে যুৱকজন আহত হয়৷ তেওঁৰ দুয়োখন ভৰিৰ কেইবাডালো হাড় ভাঙি যোৱাৰ লগতে শৰীৰৰ আন স্থানতো আঘাত পায়৷ নিশা সংঘটিত এই ভয়াৱহ দুর্ঘটনাৰ পাছত যুৱকজনক সহায় কৰাৰ পৰিৱর্তে ঘটনাস্থলীৰ পৰা পলায়ন কৰি নিজকে বচাবলৈ চেষ্টা কৰে অভিনেত্রী নন্দিনীয়ে৷ পৰৱর্তী সময়ত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সোমবাৰে উন্নত চিকিৎসাৰ বাবে খ্রীষ্টানবস্তিৰ এপল’ হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷
কিন্তু চিকিৎসাধীন অৱস্থাতে নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা তথা পলিটেকনিকৰ ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং বিভাগৰ তৃতীয় বর্ষত অধ্যয়ন কৰি থকা ছামিউলৰ মৃত্যু ঘটে৷ এই ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে৷ বিশেষকৈ এগৰাকী অভিনেত্রীয়ে এনেদৰে যুৱকজনক খুন্দিয়াই ঘটনাস্থলীৰ পৰা আঁতৰি গৈ নিজৰ চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিয়া বুলিও বিভিন্নজনে সমালোচনা কৰিছে৷ লক্ষণীয়ভাৱে এই ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিলেও দিছপুৰ আৰক্ষীয়ে অভিনেত্রীগৰাকীক গ্রেপ্তাৰ কৰাৰ পৰা বিৰত থাকে৷
আনহাতে, নন্দিনীৰ মাতৃয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰা অনুসৰি তেওঁলোকে ছামিউলৰ পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল৷ টকা–পইচাৰে সহায় কৰাৰ লগতে জিএমচিএইচৰ পৰা এপল’ হাস্পতাললৈ ছামিউলক স্থানান্তৰৰ পৰামর্শও প্রদান কৰিছিল৷ কিন্তু ছামিউলৰ পৰিয়ালৰ সৈতে থকা একাংশ যুৱকে নন্দিনীৰ পিতৃৰ পৰা আর্থিক সাহায্য লোৱাত বাধা প্রদান কৰিছিল৷ অৱশ্যে নন্দিনীৰ মাতৃৰ এই মন্তব্য ছামিউলৰ পিতৃয়ে অস্বীকাৰ কৰিছে৷ তেওঁ প্রকাশ কৰিছে যে নন্দিনীৰ পৰিয়ালে কোনোধৰণৰ টকা–পইচাৰে তেওঁলোকক সহায় কৰা নাছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বেও নন্দিনীয়ে অত্যধিক বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা ভৰিব লগা হৈছিল৷
গুৱাহাটীত নন্দিনীৰ গাড়ীৰ কোনো জৰিমনা নাছিল যদিও ৰাজ্যৰ আন প্রান্তত অত্যধিক বেগত গাড়ী চলোৱাৰ বাবে কেইবাখনো চালানযোগে জৰিমনা বিহা হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত এই দুর্ঘটনাক লৈ কেতবোৰ অভিযোগ–প্রতিভিযোগে এক ৰহস্যৰ সৃষ্টি কৰিছে৷ এই ৰহস্যৰ ভৱিষ্যতে ওৰ পৰিলেও নন্দিনীৰ ভুলৰ বাবেই এজন মেধাসম্পন্ন যুৱকে প্রাণ হেৰুওৱাৰ ঘটনাই ৰাজ্যবাসীক শোকাভিভূত কৰিছে৷
Niyomiya Barta Desk, 31 July, 2025