পাকিস্তানৰ নিউজ প’ৰ্টেলত গৌৰৱ গগৈ-ৰ গুণানুকীৰ্তন
পাকিস্তানৰ নিউজ পৰ্টেলসমূহ সম্প্ৰতি ভৰি পৰিছে গৌৰৱ গগৈৰ গুণানুকীৰ্তনেৰে। গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীক প্ৰশংসাৰে ওপচাই পৰিৱেশন কৰিছে বাতৰি। গৌৰৱ গগৈয়ে সংসদত পেহেলগাম সন্দৰ্ভত দিয়া ভাষণৰ উদ্ধৃতিৰে নিউজ পৰ্টেলসমূহে ধাৰাবাহিকভাৱে প্ৰকাশ কৰিছে বাতৰি।
অপাৰেচন সিন্দূৰত ভাৰতৰ কিমানখন যুদ্ধ বিমান ধ্বংস হৈছে, পেহেলগামত সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল, ডনাল্ড ট্ৰাম্পৰ কথাত মোদীয়ে কিয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল আদি গৌৰৱ গগৈয়ে সংসদত উত্থাপন কৰা প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰশ্নসমূহক লৈ পাকিস্তানী মিডিয়া তথা পৰ্টেলসমূহে বাতৰি পৰিৱেশন কৰি ভাৰতৰ আভ্যন্তৰীণ দিশসমূহ বিশ্বৰ আগত দাঙি ধৰিছে।
পাকিস্তানী জনতায়ো নিউজ পৰ্টেলসমূহত অসমৰ সাংসদ গৌৰৱ গগৈৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰা পৰলক্ষিত হৈছে। সাংসদগৰাকীৰ এনে কাৰ্যই স্বাভাৱিকতে ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।
উল্লেখ্য যে সংসদৰ মজিয়াত গৌৰৱ গগৈয়ে দিয়া ভাষণৰ পিছতে এটা ৰাতিৰ ভিতৰতে পাকিস্তানী টিভি চেনেলসমূহৰ নয়নৰ মণি হৈ পৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে পাকিস্তানী মিডিয়া। পাকিস্তানৰ সপক্ষে কথা কোৱা গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীৰ এই ভূমিকাত খুবেই অত্যুৎসাহী হৈ পৰে পাকিস্তানী মিডিয়া।
Niyomiya Barta Desk, 31 July, 2025