বিশেষ বাৰ্তা, ১ আগষ্ট : পশ্চিম কাৰ্বি আংলং জিলাৰ বৃহত্তৰ খেৰণি, মাইলু অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পোৱা বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসীৰ৷ প্ৰাপ্ত বাতৰি অনুসৰি, আজি পুৱতিনিশা বনৰীয়া হাতীৰ এটা জাকে খেৰণিৰ মাইলুস্থিত দুটি পৰিয়ালৰ পাঁচটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷
মাইলু অঞ্চলৰ জিৰিবাছা গাঁৱৰ ৰাজকুমাৰ ৰাম নামৰ লোকজনৰ দুটাকৈ বাসগৃহ ভাঙি পেলোৱাৰ লগতে ঘৰত থকা বিভিন্ন সামগ্ৰী, খাদ্য সামগ্ৰীও বিনষ্ট কৰি পেলায় ৷ সমান্তৰালকৈ, বেলবাৰী গাঁৱৰ জয়ৰাম কুমহাৰ নামৰ লোকজনৰ তিনিটাকৈ বাসগৃহ বিনষ্ট কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে ৷ বনৰীয়া হাতীৰ এই তাণ্ডৱত দুয়োটি পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা কৰি নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হয় ৷ এইদৰে খেৰণি অঞ্চলত প্ৰায় প্ৰতিদিনে বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আছে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক লক্ষী প্ৰসাদ নাথ