নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ক্ৰমাত ভাৰতবৰ্ষত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰোনাই । শেহতীয়া তথ্য অনুসৰি বৰ্তমালৈকে ভাৰতত ৪১৫ গৰাকী লোক আক্ৰান্ত হৈছে ক’ৰোনাত । ইফালে ৪১৫ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে মুঠ ২৪ গৰাকীকৈ লোক ।
ভাৰতৰ সৰ্বাধিক ক’ৰোনাত আক্ৰান্ত ৰাজ্য মহাৰাষ্ট্ৰত বৰ্তমানলৈকে ৮৯ , কেৰালাত ৬৭, দিল্লীত ৩০, তেলেংগানাত ২৬, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ২৮, হাৰিয়ানাত ১৪ গৰাকীকৈ বিদেশী নাগৰিকৰ সৈতে মুঠ ১৭ গৰাকী, পশ্চিমবংগত ৭, উত্তৰাখণ্ডত ৩, লাডাখত ১৩, জম্মু আৰু কাশ্মীৰত ৪, চণ্ডীগড়ত ৫, তামিলনাডুত ৭, পঞ্জাৱত ২১, পুদুচেৰীত ১, ওড়িশাত ২, মধ্যপ্ৰদেশত ৬, হিমাচলত ২,গুজৰাটত ৩০,ছত্তিশগড়ত ১, বিহাৰত ২ আৰু অন্ধ্ৰপ্ৰদেশত ৫ জন লোক আক্ৰান্ত হৈছে ক’ভিড – ১৯ ত ।
ইফালে, বৰ্তমানলৈকে এই মহামাৰীত ভাৰতত মৃত্যু হৈছে ৭ গৰাকীকৈ লোকৰ । দেওবাৰে মাৰাত্মক ক’ৰোনাত বিহাৰ, গুজৰাট আৰু মহাৰাষ্ট্ৰত মৃত্যু হয় একোজনকৈ লোকৰ । পূৰ্বে মৃত্যু হোৱা চাৰিজন লোক কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱৰ বুলি জানিবলৈ দিছে স্বাস্থ্য মন্ত্ৰণালয়ে । ইতিমধ্যে মহাৰাষ্ট্ৰত মৃত্যু হৈছে ২ জন লোকৰ ।