নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰে সম্পর্ক বিঘ্নিত নকৰিবলৈ ৰাষ্ট্রপতি ট্রাম্পক সতর্কবাণী

ৰাছিয়াৰ পৰা তেল ক্রয় কৰাক লৈ ভাৰতৰ সৈতে সংঘাতত লিপ্ত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক তেওঁৰ দল ৰিপাব্লিকান পার্টী তথা প্রাক্তন মন্ত্রী নিক্কি হেলীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷

ৰিপাব্লিকান পার্টীৰ নেতা হেলীয়ে ভাৰতৰ নিচিনা শক্তিশালী সহযোগীৰ সৈতে সম্পর্ক বিঘ্ণিত কৰি চীনক সুযোগ নিদিবলৈ ৰাষ্ট্রপতি ট্রাম্পক সতর্কবাণী দিয়ে৷ সামাজিক মাধ্যম এক্সত হেলীয়ে কয়– ৰাছিয়াৰ পৰা ভাৰতে তেল ক্রয় কৰাটো উচিত নহয়৷

কিন্তু প্রতিপক্ষ চীনে ৰাছিয়া আৰু ইৰানৰ পৰা তেল ক্রয় কৰি আছে৷ চীনৰ বিৰুদ্ধে শুল্ক আৰোপত ৯০ দিন স্থগিত ৰখা হৈছে৷ ভাৰতৰ ক্ষেত্রত ৰাছিয়াৰ পৰা তেল ক্রয় কৰাৰ বাবে অতিৰিক্ত ২৫ শতাংশ কৰ আৰোপ কিয় কৰিব লাগে৷ চীনক সুযোগ দি ভাৰতৰ নিচিনা শক্তিশালী সহযোগীৰ সৈতে সম্পর্ক বিঘ্ণিত কৰাটো উচিত নহয়৷

উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰত আমেৰিকাৰ বাবে ভাল বাণিজ্যিক অংশীদাৰ নহয় বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰি ভাৰতৰ বিৰুদ্ধে শুল্ক ২৪ ঘণ্টাৰ ভিতৰত বৃদ্ধিৰে আৰোপ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতে ট্রাম্পৰ দলৰে নেতা নিক্কি হেলীয়ে ৰাষ্ট্রপতি ট্রাম্পক সতর্কবাণী শুনায়৷

Niyomiya Barta Desk, 7 August, 2025

You might also like