লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। লাহৰীঘাটৰ বৰবড়ীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী আটক।
ধৃত মহিলা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ফাতেমা খাতুন। আৰক্ষীয়ে ধৃত মহিলা সৰবৰাহকাৰীটোৰ বাসগৃহৰ পৰা ৭ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ লগতে ৭৯ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ উদ্ধাৰ কৰে।
আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।
নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ৭ আগষ্ট, ২০২৫