নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্ছেদক সমৰ্থন : নগৰবেৰাত ছাত্ৰ সংগঠনৰ তৎপৰতাত বৃহৎ উচ্ছেদ কাৰ্য

প্ৰশাসনৰ বুলড’জাৰৰ সলনি ছাত্ৰ সংগঠনৰ তৎপৰতাত চলিল উচ্ছেদ কাৰ্য। কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অধীনস্থ একাধিক চৰকাৰী ভুমিত শ-শ লোকে গঢ়িছে বেদখলৰ সাম্ৰাজ্য। মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আৱণ্টিত চৰকাৰী ভুমিত শ-শ লোকৰ অবৈধ বেদখল প্ৰত্যক্ষ কৰি জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন মহল।

বৃহৎ অংকৰ ধনৰ বিনিময়ত একাংশই সন্দেহযুক্ত বেদখলকাৰীক মনমৰ্জি চৰকাৰী ভুমি বেদখল কৰিবলৈ সুবিধা কৰি দিয়াৰো অভিযোগ। আশ্চৰ্যকৰভাবে বেদখলকাৰীয়ে শ-শ টিনৰ চালি সাজি কেবাশতাধিক বিঘা চৰকাৰী ভুমি (মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আৱণ্টিত) বেদখল কৰি চমক সৃষ্টি কৰিছে।

এইক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰ (Livestock Research Station) ৰ মুখ্য বিজ্ঞানীৰ ভুমিকাকো সমালোচনা কৰিছে একাংশই। অৱশেষত পশ্চিম কামৰূপ ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকবৃন্দৰ তৎপৰতাত ভাঙি দিয়া হয় বেদখলকাৰীয়ে সজা টিনৰ চালিবোৰ।

পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যবাহী সদস্য জিতু কলিতাই মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা তথা ৰাজহ বিভাগৰ দৃষ্টি আকৰ্ষণৰ দাবী জনাইছে এই স্পৰ্শকাতৰ বেদখলৰ সন্দৰ্ভত।

স্মৰ্ত্তব্য যে নগৰবেৰা ৰাজহ চক্ৰৰ একাধিক স্থানত সম্প্ৰতি বেদখলৰ উপনিবেশ গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈছে যদিও সংশ্লিষ্ট বিভাগৰ উচ্ছেদৰ ক্ষেত্ৰত কোনো তৎপৰতা নেদেখিহে সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে।

ছাত্ৰ সংগঠনৰ দাবী- “অচিৰেই জৰীপ হওক নগৰবেৰাৰ চৰকাৰী সংৰক্ষিত ভুমিৰ ,শীঘ্ৰেই প্ৰশাসনে বেদখলমুক্ত কৰক এনেবোৰ অবৈধ মাটিৰ”। পিছে এইক্ষেত্ৰত কেনে স্থিতি লয় চৰকাৰে সেয়াহে হ’ব লক্ষণীয়।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৭ আগষ্ট, ২০২৫

You might also like