নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাপুজী কলেজ সৰুক্ষেত্ৰীৰ প্ৰতিষ্ঠা দিৱস পালন, বিজ্ঞান শাখা সংযোগৰ প্ৰতিশ্ৰুতি ৰণজিৎ কুমাৰ দাসৰ

বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয় ৰ ৫৫সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷পুৱা মহাবিদ্যালয়ৰ বাকৰিত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড° ৰমেশ দাসে৷

আনফালে শ্বহীদ তৰ্পন কৰে ড° অনন্ত ডেকাই আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক মুনীন শইকীয়াই৷ ইয়াৰ পিছতে ভাগৱত পাঠ কৰে শিক্ষক তথা পাঠক কুলেশ তালুকদাৰে।

অধ্যক্ষ ড৹ ৰমেশ দাসৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মহাবিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি গৌৰিকান্ত বৰ্মন,প্ৰক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি চিত্তৰঞ্জন বৰ্মনে ভাষণ প্ৰদান কৰে৷ সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য  অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ মন্ত্ৰী দাস মহাবিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে মহাবিদ্যালয়ৰ তৰফৰ পৰা উস্ম আদৰণী জনাই মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক অধ্যাপিকা, এন চি চিৰ কেডেতৰ লগতে ছাত্ৰছাত্ৰী সকলে৷

ইয়াৰ লগতে ৰুচা ২,০ আঁচনিৰ অৰ্থ সাহাৰ্য্যত মহাবিদ্যালয়ত নিৰ্মাণ কৰা নৱ নিৰ্মিত ভৱনটোৰ আজি মন্ত্ৰী ৰণজিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে দ্বাৰ উদঘাটন কৰে৷ আনফালে দ্বাৰ উদঘাটন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে সমগ্ৰ  বৰপেটা জিলাখনৰ ভিতৰতে সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়খন উচ্চ  শিক্ষাৰ ক্ষেত্ৰত এখন লেখত লবলগীয়া মহাবিদ্যালয়।আনহাতে মানব সম্পদ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বাপুজী মহাবিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ লগতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ বিজ্ঞান অধ্যয়নৰ বাবে মহাবিদ্যালয়ৰ

পৰিচালনা সমিটিয়ে দীৰ্ঘদিনে বিজ্ঞান শাখা দাবী কৰি অহা বিষয়ত সমৰ্থন জনায় আৰু অনতি পলমে বাপুজী মহাবিদ্যালয়ত বিজ্ঞান শাখা সংযুক্ত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য  যে অসম চৰকাৰৰ মহাবিদ্যালয় উন্নীতকৰণৰ তালিকাত সৰ্থেবাৰীস্থিত বাপুজী মহাবিদ্যালয়ৰ নামতো আছে যদিওঁ কিছু বিসংগতিৰ বাবে এতিয়ালৈ কাৰ্যকৰী হোৱা নাই। ইপিনে সন্ধিয়া বন্তি প্ৰজ্বলন শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক চন্দন দাসে।

নিয়মীয়া বাৰ্তা, সৰ্থেবাৰী, ৭ আগষ্ট , ২০২৫

You might also like