নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিৰ ক’ত হব লজিষ্টিক হাব? মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে উৎকণ্ঠা জনতাৰ 

চাংসাৰিত লজিষ্টিক হাব : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চাংসাৰিত শীঘ্ৰে মূল লজিষ্টিক হাব মুকলি কৰা হব বুলি ঘোষণা কৰাৰ পিছতে এতিয়া অঞ্চলবাসীৰ মাজত উৎকণ্ঠা বিৰাজ কৰা পৰিলক্ষিত হৈছে। সহজ সাধ্য ব্যৱসায় প্ৰক্ৰিয়াত নৱ সংযোজন হিচাপে চাংসাৰিত প্ৰস্তাৱিত লজিষ্টিক হাবে অসমক এক মূল বাণিজ্যিক দুৱাৰমুখলৈ ৰূপান্তৰিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দিয়া এই খবৰে এতিয়া গৰম কৰি ৰাখিছে চাংসাৰিৰ লগতে ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহতো।

বিশেষকৈ ফাঁচী বজাৰখন চাংসাৰিলৈ স্থানান্তৰিত হোৱাৰ কথা ইকানে সিকানে প্ৰচাৰ হোৱাত প্ৰকৃততে চাংসাৰিৰ কোনখিনি ঠাই নিৰ্ধাৰণ কৰা হৈছে তাকলৈ কৌতূহল জাগিছে জনতাৰ। এই সন্ধান তথা ঠাইখিনি ক’ত তাক জানিবলৈ সাংবাদিকলৈ বাৰে বাৰে ফোন একাংশৰ। বহুতে আকৌ এই হাবৰ বাবে নিজৰ ঘৰ-বাৰী, পথাৰৰ জমি হেৰুৱাব লাগিব নেকি তাকলৈও চৰ্চা চলিছে।

অৱশ্যে এনেধৰণৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া বা চৰ্চা স্বাভাৱিকতে ৰাইজৰ মাজত থাকিব যদিও চাংসাৰিত  অসমৰে মূল ব্যৱসায়-বাণিজ্যিক ক্ষেত্ৰৰ দুৱাৰমুখ নিৰ্মাণৰ যি প্ৰস্তাৱ তাকলৈ বহুজনে আদৰণি জনাইছে। এই লজিষ্টিক হাব নিৰ্মাণৰ বাবে প্ৰকৃততে চাংসাৰিৰ কোনখিনি ঠাই নিৰ্বাচন কৰা হৈছে তাৰ নিশ্চিত তথ্য এতিয়ালৈকে আমাৰ হাতত পৰা নাই যদিও চৌকীগেট সেন্দূৰীঘোপাক স্পৰ্শকৃত এক বিশাল এলেকাত ইতিমধ্যে চৰকাৰ প্ৰসাসনে জৰীপ চলোৱা বুলি জানিব পৰা গৈছে।

৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৌকীগেট উৰণ সেতুৰ সমীপত ৰেল পথৰ পশ্চিম দিশত থকা কেইবাশ বিঘাৰ পথাৰখন লজিষ্টিক হাবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰাৰ সম্ভাৱনাই অধিক। কিয়নো অঞ্চলটোৰ ভৌগোলিক অৱয়ব আৰু সামগ্ৰিক দৃষ্টিকোণৰ পৰাই এই এলেকাটোৱে সুবিধাজনক স্থিতিত আছে। কিয়নো ইয়াৰ নিকটতে আছে চাংসাৰি ৰেল ষ্টেচন, আলু -পিয়াজৰ গুদামকে ধৰি বিভিন্ন সামগ্ৰীৰ গুদাম ঘৰ। আছে  শতাধিক সৰু বৰ উদ্যোগ প্ৰতিষ্ঠান।

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী চাংসাৰি-চেচাঁ পথৰ ৰেল গেটটো সঘনাই বন্ধ কৰিবলগা হোৱাত যান জঁটত ভয়াবহ সমস্যাই গা কৰি উঠাত ৰাইজৰ বিপুল দাবী আছিল তাত এখন উৰণ সেতু নিৰ্মাণ হওক। সেইমতে বিভাগীয়ভাৱে পৰ্যাবেক্ষণৰ লগতে জোখ মাখৰ জৰীপ চলোৱা হৈছিল। কিন্তু উৰণ সেতু নিৰ্মাণত যথেষ্ট অসুবিধা আহি পৰাত ৰেল লাইনৰ কাষেৰে বিকল্প পথ নিৰ্মাণৰ চিন্তা চৰ্চাত থকা বুলিও খবৰ আহিছে। এই বিকল্প পথটো হ’লে লজিষ্টিক হাবৰ ক্ষেত্ৰত হব  উৎকৃষ্টতম সুবিধাজনক স্থিতি।

আনহাতে চলিত বৰ্ষতে মুকলি হব গুৱাহাটী-উত্তৰ গুৱাহাটী দলং। দলংখন মুকলি হ’লে ফাঁচীবজাৰ-চাংসাৰিৰ মাজত দূৰত্বৰ ব্যৱধান থাকিব মাত্ৰ ১৫/২০ মিনিটৰ। গতিকে এই সম্ভাৱনাপূৰ্ণ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখিয়ে উক্ত স্থানতে হয়টো ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত লজিষ্টিক হাব তথা ফাঁচী বজাৰ স্থানান্তৰৰ প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ কৰা হব।

অৱশ্যে ইয়াৰ স্থানীয় একাংশ ৰাইজে এই বতৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ইয়াকো আহ্বান জনাই কয় যে শেহতীয়াকৈ অঞ্চলটোত থকা পানী ওলাই যোৱা জলপথসমূহ বন্ধ কৰি ৰখাত আৰু নলাসমূহ বিজ্ঞান সন্মত নোহোৱাত এজাক দোপালপিটা বৰষুণতে এইমছ, চাংসাৰি থানা, চিপেটৰ সন্মুখ, শৰাইঘাট কলেজ, চাংসাৰি ৰাজ্যিক চিকিৎসালয়  ইত্যাদি ঠাই বিশেষে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। আনকি লজিষ্টিক হাবৰ বাবে জৰীপ চলোৱা জমিক স্পৰ্শ কৰি থকা ধোপাতাৰী শিলভড়াল গাঁৱৰ এটা অংশৰ কিছু পৰিয়াল বাৰিষা প্ৰায়ে নগুৰ-নাকটি হবলগা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে  ৰাইজৰ এই জলন্ত সমস্যাৰ সমাধানত গুৰুত্ব প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে।

নিয়মীয়া বাৰ্তা, চাংসাৰি, ৭ আগষ্ট, ২০২৫

You might also like