নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰৰ নৱনির্মিত টার্মিনেল–২লৈ আন্তঃৰাষ্ট্রীয় স্থাপত্য বঁটা

সুখবৰ৷ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নৱনির্মিত ‘টার্মিনেল–২’লৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্রীয় স্থাপত্য বঁটা ২০২৫’৷ বিমানবন্দৰটোৱে পৰিবহণ শিতানত এই সন্মানীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ যিয়ে স্থাপত্যৰ জৰিয়তে বহনক্ষম ডিজাইন আৰু সাংস্কৃতিক প্রতিনিধিত্বৰ ক্ষেত্রত এক উল্লেখযোগ্য কৃতিত্ব হিচাপে উজ্জ্বল কৰি তুলিছে ‘টার্মিনেল–২’ক৷ ইয়াৰ নির্মাণত বাঁহ আৰু কপৌফুলৰ নমুনা সন্নিৱিষ্ট কৰা হৈছে, যিটোৱে স্থিতিস্থাপকতা, শক্তি আৰু আড়ম্বৰপূর্ণতা প্রতিফলিত কৰে৷

অসমৰ জৈৱ–বৈচিত্র্য–পৰম্প্ ইয়াৰ ৰূপ আৰু আর্হিৰ সৈতে সংযোগেৰে সাংস্কৃতিক প্রকাশ হিচাপে ‘টার্মিনেল–২’ নির্মাণ তথা ডিজাইন কৰা হৈছে৷ উল্লেখ্য যে ১.৪০ লাখ বর্গমিটাৰ এলেকাজোৰা ‘টার্মিনেল–২’–এ বিমানবন্দৰটোৰ যাত্রীৰ বার্ষিক ক্ষমতা ১.৩১ কোটিলৈ বৃদ্ধি কৰিব৷ যিটো হ’ব বর্তমানৰ ক্ষমতাৰ তুলনাত ছয়গুণ৷ ‘টার্মিনেল–২’ চাৰিটা মূল নীতিৰ প্রতি লক্ষ্য ৰাখি বিকশিত কৰা হৈছে৷

সেয়া হ’ল– বহনক্ষম ডিজাইন, যাত্রীৰ অভিজ্ঞতা, ডিজিটেল ব্যৱস্থা আৰু পৰিৱেশগত দায়বদ্ধতা৷ ইয়াত সেউজ আভ্যন্তৰ, দেৱালত গামোচাৰ আর্হি, উন্নত নিৰাপত্তা ব্যৱস্থা, ছেল্ফ বেগ ড্রব কাউণ্টাৰ, ডিজি যাত্রাসহ ই–গেট আৰু যাত্রীৰ অভিজ্ঞতা বৃদ্ধিৰ লক্ষ্যৰে অন্যান্য আধুনিক সুবিধাসমূহ সন্নিৱিষ্ট কৰা হৈছে৷ তদুপৰি ‘টার্মিনেল–২’ত কেইবাটাও বহনক্ষম বৈশিষ্ট্য অন্তর্ভুক্ত আছে৷ তাৰ ভিতৰত সেউজ চাল, বৰষুণৰ পানী সংৰক্ষণ আৰু প্রাকৃতিক পোহৰ ব্যৱহাৰৰ ব্যৱস্থা অন্যতম৷

সেইদৰে উচ্চ ট্রেফিক লেন, ১০টা কণ্টাক্ট ষ্টেণ্ড, ২২টা ৰিম’ট হেণ্ড আৰু এটা উন্নীতকৃত টেক্সিৱেও ‘টার্মিনেল–২’ত সন্নিৱিষ্ট কৰা হৈছে৷ যিয়ে বিমান পৰিবহণ ক্ষমতা উন্নীত কৰিব৷ ২০০০ কোটিটকীয়া এই প্রকল্পটোৰ লক্ষ্য হৈছে– বিমানবন্দৰটোৰ আধুনিকীকৰণ, ভ্রমণ অভিজ্ঞতা উন্নত কৰা আৰু উত্তৰ–পূর্বাঞ্চলৰ পর্যটন তথা অর্থনৈতিক উন্নয়নৰ বৃদ্ধিত অৰিহণা যোগোৱা৷ ইফালে নৱনির্মিত টার্মিনেলটো অহা নৱেম্বৰ মাহত কার্যক্ষম হৈ উঠাৰ ইংগিত দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

সামাজিক মাধ্যমযোগে তেওঁ কয় যে শীঘ্রে সম্পূর্ণ হ’বলগীয়া গুৱাহাটী বিমানবন্দৰৰ নতুন টার্মিনেলে উত্তৰ–পূব ভাৰতত যোগাযোগ ব্যৱস্থাত এক নতুন দিগন্তৰ সূচনা কৰিব আৰু আমাৰ প্রতিৱেশী ৰাষ্ট্র ভূটানৰ সৈতে সংযোগ ব্যৱস্থাকো অধিক সবল কৰি তুলিব৷ এতিয়া আপেক্ষা নৱেম্বৰ মাহলৈ৷ আপোনালোকো সাজু হওক সম্পূর্ণ নতুন অভিজ্ঞতাৰ বাবে…৷

Niyomiya Barta Desk, 8 August, 2025

You might also like