নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিট এণ্ড ৰান গোচৰ : নাপালে জামিন, জে’লতে থাকিব লাগিব নন্দিনী কাশ্যপে

মহানগৰীত সংঘটিত হিট এণ্ড ৰান গোচৰত অভিযুক্ত অভিনেত্রী নন্দিনী কাশ্যপৰ শীঘ্রে কাৰাগাৰৰ পৰা মুকলিৰ পথ এতিয়াও প্রশস্ত হোৱা নাই৷ জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নন্দিনীক কোনোধৰণৰ সাময়িক সকাহ প্রদান কৰা নহ’ল৷

তেওঁ দাখিল কৰা জামিন আবেদনৰ শুনানি গ্রহণ কৰি কেছ ডায়েৰী দাখিল কৰিবলৈ এখন এজনীয়া বিচাৰপীঠে নির্দেশ দিছে৷ অহা ১৯ আগষ্টত তদন্তকাৰী আৰক্ষীয়ে উচ্চ ন্যায়ালয়ত গোচৰটোৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব৷

পৰৱর্তী শুনানি পর্যন্ত নন্দিনীক অন্তর্ৱর্তীকালীন জামিন প্রদানৰ পৰা উচ্চ ন্যায়ালয় বিৰত থকাৰ বাবে তেওঁ সম্প্রতি কাৰাগাৰতে দিন কটাবলগীয়া হোৱাটো নিশ্চিত হৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে কাহিলিপাৰাৰ দক্ষিণ গাঁৱত নন্দিনীৰ বাহনে তীব্রবেগে এখন স্কুটীক মহটিয়াই লৈ যায়৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় ছামিউল নামৰ এজন যুৱক৷

গুৰুতৰভাৱে আহত যুৱকজনক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয়৷ অৱশ্যে পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ এপল’ হাস্পতাললৈ স্থানান্তৰিত কৰা হয়৷ কিন্তু চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু ঘটে৷ এই ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়া সৃষ্টি কৰাৰ পাছত আৰক্ষীয়ে নন্দিনীক গ্রেপ্তাৰ কৰে৷ দুদিন আৰক্ষীৰ জিম্মাত লোৱাৰ পাছত শেহতীয়াকৈ তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷

Niyomiya Barta Desk, 8 August, 2025

You might also like