নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ ৩ বিষয়া-জোৱানলৈ ৰাষ্ট্রপতিৰ সাহসিকতা বঁটা

কাইলৈ স্বাধীনতা দিৱস। তাৰ পূৰ্বে আজি ঘোষণা কৰা হল বিশেষ কেইবাটাও বঁটা। সেই অনুসৰি ৰাষ্ট্রপতিৰ বিশিষ্ট সেৱা বঁটা আগবঢ়োৱা হৈছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তক।

অসম আৰক্ষীৰ ৩ বিষয়া-জোৱানলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্রপতিৰ সাহসিকতা বঁটা। আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক ৰাষ্ট্রপতিৰ সাহসিকতা বঁটা প্ৰদান কৰা হ’ব। আনহাতে এছ ডি পি অ’ হেমন্ত কুমাৰ বড়োক আগবঢ়োৱা হৈছে ৰাষ্ট্রপতিৰ সাহসিকতা বঁটা।

আৰক্ষী কনিষ্টবল অখিল ৰঞ্জন দাসলৈ ৰাষ্ট্রপতিৰ সাহসিকতা বঁটা প্ৰদান কৰা হৈছে।

আনহাতে ১৩গৰাকী আৰক্ষীয়ে লাভ কৰিছে ৰাষ্ট্রপতিৰ যোগ্য সেৱা পদক। তেওঁলোক ক্ৰমে IG সংযুক্তা পৰাশৰ, IG বিবেক ৰাজ সিং আৰু কমাণ্ডেণ্ট জয়শ্রী খেৰচা। SP হৃদয়জিৎ‍বৰ্মন, নোমল মাহাতা, কমাণ্ডেণ্ট দেৱাশীষ বৰা, কমাণ্ডেণ্ট টাবুৰাম পেগু, DSP নিৰ্মল চন্দ্র বিশ্বাস, পৰিদৰ্শক ললিত শইকীয়া, উপ–পৰিদৰ্শক অখিল কুমাৰ দাস, পৰিদৰ্শক ধ্রুব ছাৰ্কি, উপ–অধিনায়ক নবীন চন্দ্র শৰ্মা, উপ–পৰিদৰ্শক ৰবীন্দ্র সিংহক ৰাষ্ট্রপতিৰ যোগ্য সেৱা পদক আগবঢ়োৱা হৈছে।

অগ্নিনিৰ্বাপকৰ ৩গৰাকীলৈ যোগ্য সেৱা পদক আগবঢ়োৱা হৈছে। SO অশোক দাস, লিডিং ফায়াৰমেন খগেন চন্দ্র কলিতা আৰু SO তাৰক চন্দ্র তালুকদাৰলৈ যোগ্য সেৱা পদক আগবঢ়োৱা হৈছে। তদুপৰি গৃহৰক্ষী বিভাগৰ ড০ শান্তনু ৰয়চৌধুৰীক যোগ্য সেৱা পদক আগবঢ়োৱা হৈছে।

Niyomiya Barta Desk, 14 August, 2025

You might also like