নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৫৫জন শ্বহীদ কৰা কংগ্ৰছৰ ওচৰত আঁঠু লৈছে লুৰিণজ্যোতিয়ে

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নাজিৰাত যেন একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। আজি নাজিৰা বিধানসভা সমষ্টিৰ নাজিৰা,আমগুৰি আৰু শিমলুগুৰিত বিজেপিৰ মণ্ডল কাৰ্যালয় মূকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তিনি গগৈৰ লগতে কংগ্ৰেছে দলকো তুলা ধুনা দিয়ে।

নাজিৰা সমষ্টিৰ শিমলুগুৰি নগৰত বিজেপিৰ মণ্ডল কাৰ্যালয়টো মূকলি কৰি সাংবাদিকেৰে সোধা এক প্ৰশ্ন উত্তৰত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে তেওঁলোকক লৈ ব্যস্ত হোৱাৰ আমাৰ সময় নাই। আমি উন্নয়নমূলক কামক লৈহে ব্যস্ত বুলি কৈ মন্ত্ৰীগৰাকীয়ে লগতে কয় তেওঁলোকক প্ৰাসংগিক কৰি তোলাতকৈ আমাৰ বি জে পিৰ দলে ৰাইজৰ সমস্যা সমাধা কৰাৰ ক্ষেত্ৰতহে ব্যস্ত আছো। আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অৰুণোদয় পোন্ধৰশ টকালৈ বৃদ্ধি কৰিছে।

কোনোধৰণৰ দূৰ্নীতি নোহোৱাকৈ কেইদিনমানৰ ভিতৰতে ডেৰ লাখ চাকৰি সম্পূৰ্ণ হ’ব। চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ লগতে কোটি টকাৰ ব্যয়েৰে ৰংঘৰ জিলিকি উঠিছে। ঐতিহাসিক ধোদৰ আলি সম্পূৰ্ণ হোৱাৰ পথত। কাজিৰঙাৰ গড়কেউটাও নিৰাপদে থাকিবলৈ আমাৰ চৰকাৰৰ দিনতেই থাকিবলৈ সক্ষম হৈছে বুলি কৈ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয় তিনি গগৈৰ লগতে অজিত ভূঞা আৰু আজমলে এইক্ষেত্ৰত কিমান সফল হৈছে বুলিও প্ৰশ্ন কৰে।

বড়োলেণ্ডৰ নিৰ্বাচনৰ প্ৰসংগক টানি আনি মন্ত্ৰীগৰাকীয়ে কয় যে বড়োলেণ্ড ৰ কেইটামান মিঞা অধ্যুষিত অঞ্চল বাদ দি বাকি ভূমিপুত্ৰই গৌৰৱ গগৈক বিসৰ্জন দিলে ।

একেদৰে লুৰিণজ্যোতিকো ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই কয় ৮৫৫জন শ্বহীদ কৰা কংগ্ৰছৰ ওচৰত জাতীয়তাবাদৰ পোছাক পিন্ধি লুৰিণজ্যোতি গগৈয়ে আঠু ললে । আমি আমাৰ বি জে পি দলে ৮০ আৰু ৮৩ৰ আছু বা গণ সংগ্ৰাম পৰিষদৰ আন্দোলনৰ সমৰ্থনত আছিলো আৰু আজিও আছো। অটল বিহাৰী বাজপেয়ীৰ পৰা তৃণমূল কৰ্মীলৈকে আছু তথা গণ সংগ্ৰাম পৰিষদৰ আন্দোলনক সমৰ্থন কৰি গৈছিল আৰু সেই সময়ৰ কংগ্ৰেছৰ অবৈধ নিৰ্বাচনৰ পৰা বিজেপি আতৰি আছিল বুলিও কয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

অনুষ্ঠানত তাই আহোম উন্নয়ণ পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিতোপন ৰাইডঙীয়া, জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দনজ্যোতি বুঢ়াগোহাঁই, সম্পাদক মানস সন্দিকৈ, শিমলুগুৰি মণ্ডল সভাপতি বীৰেন দূৱৰা , জিলা চাহ মৰ্চাৰ সভাপতি সুজিত গোৱালা, মণ্ডলৰ সহ প্ৰভাৰী বলীন কলিতা, শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী কবিতা মেছ , প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী সুৰেশ কোঁৱৰকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে।

বিশেষ বাৰ্তা, নিয়মীয়া বাৰ্তা, নাজিৰা, ১৪ আগষ্ট, ২০২৫

You might also like