নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বস্ত প্ৰহৰী মোহনমালাৰ মৃত্যু : শোকত ম্ৰিয়মাণ কাজিৰঙাৰ বন্যপ্ৰাণী

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মোহনমালাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ বিশ্বস্ত হাতী মোহনমালাই আজি বাধক্যজনিত কাৰণত ৮৫ বছৰ বয়সত আজি ইহলীলা সম্বৰণ কৰে। আজি পুৱা ৯.৪০ বজাত মিহিমূখত শেষ নিশ্বাস ত্যাগ কৰে মোহনমালা নামৰ মাইকী হাতীজনীয়ে।

উল্লেখযোগ্য যে ১৯৭০ চনত ৰাজ্যৰ প্ৰাক্তন প্ৰধান বন সংৰক্ষক দুৰ্গা প্ৰসাদ নেওগে মোহনমালাক কাজিৰঙাৰ সুৰক্ষাৰ বাবে বন বিভাগক প্ৰদান কৰিছিল। তেতিয়া ভৰযৌৱনা আছিল মোহনমালা।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত চঞ্চলা মোহনমালাই অতি কম দিনৰ ভিতৰতে গঁড়, হাতী, হৰিণ আদি বিভিন্ন বন্যপ্ৰাণীৰ মাজত পৰিচিত হৈ পৰিছিল । বনকৰ্মী আৰু মাউতৰ সৈতে কাজিৰঙাৰ সেউজীয়া বননীৰ মাজত খেল-ধেমালি কৰি সময় অতিবাহিত কৰিছিল  মোহনমালাই।

উল্লেখ যোগ্য যে সেই সময়ত চোৰাং চিকাৰীৰ বিৰূদ্ধে বন বিভাগে চলোৱা অভিযানৰ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল মোহনমালাই। অতি সাহসী হাতী মোহনমালাৰ বাবেই বহুকেইটা দুধৰ্ষ চোৰাং চিকাৰী বন বিভাগৰ জালত পৰিছিল। কেৱল চোৰাং চিকাৰী ৰ বিৰূদ্ধে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাই নহয়,দেশী বিদেশী পৰ্যটকক নিজৰ পিঠিত উঠাই কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাইছিল মোহনমালাই।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোহনমালাই দুটাকৈ সন্তান জন্ম দিছিল। অৱশ্যে পৰৱৰ্তী সময়ত দুয়োটা হাতীৰ মৃত্যু হৈছিল। বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে মোহনমালাই ২০০২ চনত বন বিভাগৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছত মোহনমালাক ৰখা হৈছিল মিহিমূখৰ বিভিন্ন স্থানত। বিগত ২৩ টা বছৰে মিহিমুখত অৱসৰী জীৱন কটোৱাৰ পাছত আজি কাজিৰঙাৰ পৰা চিৰবিদায় মাগে মোহনমালাই।

ইফালে মোহনমালাৰ মৃত্যুত শোকত ভাগি পৰিছে বনবিষয়া,বনৰক্ষী, হাতী মাউত আৰু স্থানীয় ৰাইজ। মিহিমুখৰ নিথৰ হৈ পৰি ৰোৱা মোহনমালাৰ মৃতদেহৰ আশেপাশে ভিৰ কৰিলে গঁড়, হাতী, হৰিণ আদি বন্যপ্ৰাণীসমূহে। যেন সিহঁতেও মৰমৰ মোহনমালা আৰু নাই। কাজিৰঙাৰ এই বন্য প্ৰাণীয়ে অন্তিমবাৰৰ বাবে এবাৰ চাই যাব বিচাৰিছিল চিৰ পৰিচিত মোহনমালাক। আনহাতে মোহনমালাৰ বিয়োগতৰ লগে লগে মৃতদেহৰ কাষত উপস্থিত হৈ বনবিষয়া,বনৰক্ষী, হাতী মাউত সকলে ধূপ -চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে বনবিভাগে চালামি প্ৰদান কৰে মোহন মালাক।

নিয়মীয়া বাৰ্তা, কাজিৰঙা, ১৪ আগষ্ট, ২০২৫

You might also like