নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ মিঞাই প্ৰহাৰ কৰিলে অসমীয়া যুৱকক

🔹 নিশা গাড়ীৰ চালক পল্লৱক ডিঙিত ধৰি অপদস্থ

বিশেষ বাৰ্তা, ১৬ আগষ্ট : পুনৰ মিঞাই প্ৰহাৰ কৰিলে অসমীয়াক। ৰহা-কামপুৰ সংযোগী পথৰ কাকতি গাঁৱত নিশা সামগ্ৰী কঢ়িওৱা এখন গাড়ীৰ চালকক শাৰীৰিকভাৱে প্ৰহাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে গুৱাহাটীৰ পৰা বৈঠালাংছʼলৈ নিশা সামগ্ৰী লৈ আহি থকা অৱস্থাত কামপুৰ কাকতি গাঁৱত নিজকে গাঁওৰক্ষী বাহিনীৰ লোক বুলি দাবী কৰি একাংশ মিঞা লোকে গাড়ীৰ চালক পল্লৱ দাসক ডিঙিত ধৰি বাহিৰলৈ উলিয়াই আনি শাৰীৰিকভাৱে প্ৰহাৰ কৰে। তদুপৰি গাড়ীৰ আসনত থকা ৰুদ্ৰমান নেৱাৰক অভব্য আচৰণ কৰি মিঞা লোককেইজনে অপদস্থ কৰে। মিঞা যুৱক ৰছিদুলৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে চালক পল্লৱ দাসে। এই ঘটনা সংঘটিত হোৱাৰ পিছত সমগ্ৰ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি দোষী ব্যক্তিক কঠোৰ শাস্তিৰ বিহাৰ দাবী উত্থাপন হৈছে।

 

You might also like