নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট ক্রিকেটে দেশক ‘দেউলীয়া’ কৰি তুলিব

🔹 আইচিচিক সকীয়ালে অষ্ট্রেলিয়াৰ ক্রিকেট মুৰব্বীয়ে

নিউজ ডেস্ক, ১৬ আগষ্ট : কিছুদিন পূর্বে সামৰণি পৰিছিল ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টেষ্ট শৃংখলা৷ বিশেষজ্ঞসকলৰ মতে, এনে এক ৰোমাঞ্চকৰ টেষ্ট শৃংখলা বহু বছৰ ধৰি দেখা পোৱা নাই৷ ঐতিহাসিক এছেজ শৃংখলালৈ মাজতে মাথোঁ তিনি মাহ বাকী৷ অৱশ্যে ইয়াৰ মাজতে অষ্ট্রেলিয়াৰ ক্রিকেট ব’ৰ্ডৰ মুৰব্বী টড গ্রীনবার্গে টেষ্ট ক্রিকেটক লৈ এক প্রশ্ণ উত্থাপন কৰিছে৷ আইচিচিৰ সূচী সন্দর্ভতো তেওঁ প্রশ্ণ উত্থাপন কৰে৷

ক্রিকেট অষ্ট্রেলিয়াৰ মুৰব্বীগৰাকীৰ মতে, টেষ্ট সূচীয়ে দেশসমূহক ‘দেউলীয়া’ কৰি তুলিব৷ গ্রীনবার্গৰ মতে, টেষ্টৰ জনপ্রিয়তা বৃদ্ধিৰ বাবে আৰু বহু টেষ্ট শৃংখলা অনুষ্ঠিত কৰা হৈছে৷ কিন্তু লাভজনক হোৱা নাই৷ তেওঁ কয়- বছৰত কমসংখ্যক টেষ্ট শৃংখলা অনুষ্ঠিত হোৱাটো আমাৰ বাবে ভাল৷ তাত কোনো লোকচান নাই৷ যদি শৃংখলা কম হয় তেন্তে দর্শকৰ আশা বৃদ্ধি পায়৷ ইয়াৰ ফলত টেষ্টৰ উত্তেজনাও বৃদ্ধি পায়৷ লগতে তেওঁ অনুভৱ কৰে যে সকলো দেশকে টেষ্ট খেলাৰ সুযোগ দিয়া উচিত নহয়৷

গ্রীনবার্গে কয়, ‘মই নাভাবোঁ যে সকলো দেশকে টেষ্ট খেলিবলৈ দিয়া উচিত৷ সকলো টেষ্ট খেলাৰ যোগ্য নহয়৷ সকলোৱে যদি একেলগে টেষ্ট খেলে তেন্তে শেষ মুহূর্তত ক্ষতি হ’ব৷ দেশসমূহে আর্থিক সমস্যাৰ সন্মুখীন হ’ব৷ এনেদৰে চলি থাকিলে টেষ্ট ক্রিকেটে দেশক দেউলীয়া কৰিব৷

গ্রীনবার্গে তেওঁৰ সমর্থনত কেইখনমান টেষ্ট শৃংখলাৰ উদাহৰণো দাঙি ধৰে৷ তেওঁ কয যে ভাৰত–ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাটোৱে জনপ্রিয়তা লাভ কৰিছে৷ আগন্তুক এছেজ শৃংখলাটো ৰোমাঞ্চকৰ হোৱাৰ সম্ভাৱনা আছে৷ অলপতে অষ্ট্রেলিয়াই ৱেষ্ট ইণ্ডিজক ৩–০ত পৰাস্ত কৰে৷ নিউজিলেণ্ডৰ হাতত জিম্বাব’ৱে এক ইনিংছ আৰু ৩৫৯ ৰানত পৰাস্ত হয়৷ এই মেচসমূহে টেষ্টৰ মান হ্রাস কৰিছে৷ গতিকে আইচিচিয়ে বৃহৎ দেশৰ মাজত টেষ্ট শৃংখলা আয়োজনৰ ব্যৱস্থা কৰিব লাগে৷ তেওঁ লগতে কয় যে আমি চাব লাগিব যে বিনিয়োগ সঠিক স্থানত কৰা হৈছে নে নাই৷ তেতিয়াহে ই লাভজনক হ’ব৷ ভাৰত, অষ্ট্রেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্রিকা, নিউজিলেণ্ডৰ দৰে দেশ যিমানেই নিজৰ মাজত টেষ্ট শৃংখলা খেলিব সিমানেই ভাল হ’ব৷ আইচিচিয়ে সেইটো চাব লাগে৷

গ্রীনবার্গে কোৱা কথাৰ পৰা স্পষ্ট যে তেওঁ দুটা স্তৰৰ টেষ্টৰ পক্ষত আছে৷ এই সন্দর্ভত আইচিচিয়েও আলোচনা কৰি আছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপক দুটা স্তৰত গঢ়ি তুলিব পাৰি নেকি সেই সন্দর্ভত বহু জল্পনা–কল্পনাৰ সৃষ্টি হৈছে৷ এতিয়া লক্ষণীয় হ’ব- ক্রিকেট অষ্ট্রেলিয়াৰ মুৰব্বীৰ এই মন্তব্যই সেই জল্পনা–কল্পনাক বাস্তৱত পৰিণত কৰাৰ দিশত আগুৱাই নিব নেকি?

You might also like