বিমানত বহিয়েই আৱেগিক পোষ্ট, দেশলৈ উভতিল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা
নিউজ ডেস্ক, ১৭ আগষ্ট : ঘৰলৈ উভতিছে ‘শুক্স’। ভাৰতীয় বায়ুসেনাৰ সদস্য কেপ্টেইন শুভাংশু শুক্লাক আমেৰিকাত বিশেষকৈ নাছাৰ অভিযানত তেওঁৰ সহকৰ্মীসকলে এই নামেৰেই চিনি পাইছিল। ইতিমধ্যে তেওঁ প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৮ দিনীয়া অভিযান সম্পূৰ্ণ কৰি পৃথিৱীলৈ উভতি আহিছে। পৃথিৱীলৈ উভতি অহাৰ পিছত দেওবাৰে পুৱা ভাৰতলৈ ওভতে শুভাংশু শুক্লা। নিজ দেশলৈ ওভতাৰ পূৰ্বে বিমানত বহিয়েই মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশুৱে ইনষ্টাগ্ৰামত এটা আৱেগিক বাৰ্তা লিখে। তেওঁ কয়- ‘মই ভাৰতলৈ উভতিছোঁ।’ বিমানত বহিয়েই ইনষ্টাগ্ৰামত লিখা টোকাটোত শুভাংশুৱে নিজৰ বিভিন্ন অনুভৱৰ বিষয়ে ব্যক্ত কৰে।
শুভাংশুৱে লিখিছে- ‘ভাৰতলৈ ওভতাৰ ক্ষণত বিমানত বহি বহু অনুভূতিয়ে মোৰ মনত একেলগে ক্ৰিয়া কৰি আছে। দুখ অনুভৱ কৰিছোঁ সেই অসাধাৰণ মানুহখিনিক এৰি যোৱাৰ পৰত, যি যোৱা এবছৰ ধৰি এই মিছনৰ সময়ত মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱী হৈ আছিল। একে সময়তে মই অতি সুখী- কাৰণ মিছনৰ পিছত ঘৰলৈ উভতি অহাৰ পিছত প্ৰথমবাৰৰ বাবে পৰিয়াল, বন্ধু-বান্ধৱী আৰু আপোনজনক লগ পাম। এনে লাগে যেন এয়াই আচল জীৱন, সকলোবোৰ একেলগে পোৱাৰ।’
এই অভিযানত ইমানবোৰ মানুহৰ পৰা লাভ কৰা নতুন অভিজ্ঞতা আৰু মৰমবোৰেও তেওঁক আপ্লুত কৰিছে। দেশলৈ উভতি অহাৰ পাছত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শুভাংশু শুক্লাই।
শুভাংশুৱে দেওবাৰে দিল্লী বিমানবন্দৰত উপস্থিত হোৱাৰ পৰত তাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ বিষয়াসকল।