কৃত্রিম বুদ্ধিমত্তাৰ ভয়াৱহতা
সম্প্রতি সমগ্র বিশ্বত সর্বাধিক চর্চা লাভ কৰা বিষয়টো হৈছে কৃত্রিম বুদ্ধিমত্তা তথা এ আই৷ প্রযুক্তিবিদ্যাৰ অত্যধিক উন্নতি ঘটাই একাংশ বিজ্ঞানীয়ে সৃষ্টি কৰা এই কৃত্রিম বুদ্ধিমত্তাই মানৱ জীৱনৰ বহু জটিল কাম সহজ কৰি তুলিছে৷ কিন্তু লাহে লাহে ইয়াৰ নেতিবাচক দিশসমূহে সমাজত চিন্তাৰ উদ্রেক ঘটাইছে৷ কিছুদিন পূর্বে অসমৰ এগৰাকী মহিলাক পর্ণ তাৰকাৰ ৰূপত দাঙি ধৰা হৈছিল৷ এনে কার্যই সমগ্র ৰাজ্যৰ সচেতন মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে মহিলাগৰাকীৰ সামাজিক মর্যাদা হানি কৰা হৈছিল৷ আনহাতে যোৱা সপ্তাহত জেচিকা ৰেডিক্লিফ নামৰ এগৰাকী মহিলা মেৰিন ট্রেইনাৰক আক্রমণ কৰি এটি ডলফিনে মৃত্যুমুখত পেলোৱা বুলি সামাজিক মাধ্যমত খবৰ প্রকাশিত হৈছিল৷ এ আইৰ জৰিয়তে নির্মাণ কৰা এই ভিডিঅ’টোৱে সমগ্র বিশ্ববাসীক মর্মাহত কৰিছিল৷ আনকি এটি কাল্পনিক চৰিত্র জেচিকাক লৈ প্রকাশ কৰা হৈছিল বিভিন্ন কল্পকাহিনী৷ কেৱল এ আইৰ জৰিয়তে নির্মাণ কৰা এই ঘটনা ভিত্তিহীন বুলি প্রমাণ হয়৷ মন কৰিবলগীয়া যে ২০০৯ চনত এলেক্সিছ মার্টিনেজ নামৰ এগৰাকী প্রশিক্ষকৰ সেইদৰে প্রশিক্ষণকালতে ডলফিনৰ আক্রমণত মৃত্যু হৈছিল৷ অনুৰূপ ঘটনা এটা সংঘটিত হৈছিল ২০১০ চনত৷ সেইবাৰ ডন ব্রানছ’ নামৰ আন এগৰাকী প্রশিক্ষকৰ এনেদৰে মৃত্যু হৈছিল৷ সেই দুটা ঘটনাৰ আলম লৈ কৃত্রিম বুদ্ধিমত্তাৰ অপপ্রয়োগ কৰি ভুৱা কাহিনীৰ সৃষ্টিৰে সমগ্র বিশ্ববাসীক আৱেগিক কৰি তোলা হৈছে৷ কেৱল ভুৱা খবৰ প্রচাৰ কৰি জনসাধাৰণক আৱেগিক আৰু সন্ত্রাসিত কৰাই নহয়, কৃত্রিম বুদ্ধিমত্তাৰ বাবেই বহু লোকে চাকৰি হেৰুৱাইছে, ব্যক্তিগত গোপনীয়তা ভংগ হৈছে আৰু অস্ত্র–শস্ত্রৰ ব্যৱহাৰৰ ক্ষেত্রতো ভয়াৱহতাৰ সৃষ্টি হৈছে৷ কৃত্রিম বুদ্ধিমত্তাই যিমানেই পৰিশীলিত আৰু ব্যাপক ৰূপ লৈছে, সিমানেই ই কঢ়িয়াই অনা সম্ভাৱ্য বিপদৰ বিৰুদ্ধে সতর্কীকৰণৰ কণ্ঠস্বৰ অধিক জোৰদাৰ হৈ পৰিছে৷ কাৰণ এটা সময়ত এ আই মানুহতকৈও অধিক বুদ্ধিমান হৈ উঠিব পাৰে আৰু সর্বদিশ দখল কৰাৰ প্রৱণতাই দেখা দিব পাৰে৷ গতিকে আমি সময় থাকোঁতেই ইয়াক বাধা দিয়া উচিত৷ এ আইৰ গডফাডাৰ ৰূপে পৰিচিত জেফৰি হিল্টনে ইতিমধ্যে ইয়াৰ ভয়াৱহতা সম্পর্কে সৰৱ হৈ পৰিছে৷ ২০২৩ চনতে হিল্টনে নিজৰ পদবীৰ পৰা অব্যাহতি লৈছিল যাতে তেওঁ এ আইৰ সম্ভাৱ্য বিপদৰ বিষয়ে মুকলিকৈ কথা ক’ব পাৰে৷ কেৱল এইগৰাকী প্রখ্যাত বিজ্ঞানীয়েই নহয়, তেওঁৰ লগত সুৰ মিলাইছে টেছলা আৰু স্পেচ এক্সৰ প্রতিষ্ঠাতা এলন মাস্কেও৷ তেওঁলোকৰ সৈতে ১০০০গৰাকীতকৈও অধিক প্রযুক্তিবিদে ২০২৩ চনত এ আইৰ বৃহৎ পৰীক্ষা–নিৰীক্ষা বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল৷
কৃত্রিম বুদ্ধিমত্তাৰ পৰা আহিব পৰা বিপদক লৈ দীর্ঘদিন ধৰি অব্যাহত আছে বিতর্ক৷ বিশেষকৈ চাকৰি হেৰুওৱা, ভুৱা খবৰ প্রচাৰ, এ আই চালিত অস্ত্রৰ উত্থান এইক্ষেত্রত বৃহৎ বিপদৰূপে উল্লেখ কৰা হৈছে৷ সেইখিনিতে এ আইৰ সৃষ্টিৰ উদ্দেশ্যক লৈও বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷ বিপণন, উৎপাদন আৰু স্বাস্থ্য সেৱাৰ দৰে শিল্পবোৰৰ এ আইৰ চালিত চাকৰিৰ অটোমেচন এটি গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে৷ ২০৩০ চনৰ ভিতৰত ৩০ কোটি লোকে এ আই অটোমেচনৰ বাবে চাকৰি হেৰুৱাব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ কৃত্রিম বুদ্ধিমত্তা পৰিচালিত ৰ’বটসমূহ বুদ্ধিমান আৰু সুদক্ষ হৈ উঠিলে কাম–কাজৰ বাবে অতি কম মানুহৰ প্রয়োজন হ’ব৷ ২০৩০ চনৰ ভিতৰত কৃত্রিম বুদ্ধিমত্তাই ১৭০ মিলিয়ন নতুন কর্মসংস্থান সৃষ্টি কৰিব বুলি অনুমান কৰা হৈছে যদিও বহু কর্মচাৰীৰ এই প্রযুক্তিগত ভূমিকাবোৰৰ বাবে প্রয়োজনীয় দক্ষতা নাথাকিব৷ আনহাতে উদ্যোগসমূহে তেওঁলোকৰ কর্মচাৰীসকলৰ দক্ষতা বৃদ্ধি নকৰিলে তেওঁলোক বহু দূৰ পিছ পৰি যাব৷ বর্তমান কৃত্রিম বুদ্ধিমত্তাৰ বাবে প্রতিদিনে ৪৯১গৰাকী লোকে চাকৰি হেৰুৱাবলগীয়া হৈছে৷ ৱর্ল্ড ইকন’মিক ফ’ৰামৰ ২০২৫ চনৰ চাকৰিৰ ভৱিষ্যৎ প্রতিবেদন অনুসৰি বিশ্বব্যাপী ৪১ শতাংশ নিয়োগকর্তাই কৃত্রিম বুদ্ধিমত্তাৰ অটোমেচনৰ বাবে অহা পাঁচ বছৰত তেওঁলোকৰ কর্মচাৰীৰ সংখ্যা হ্রাস কৰিব বিচাৰে৷ ইপিনে, উদ্যোগসমূহৰ ডাটা গোপনীয়তা আৰু সুৰক্ষাৰ ক্ষেত্রতো প্রত্যাহ্বানৰ সৃষ্টি হৈছে৷ আন এক উদ্বেগজনক বিষয় হৈছে- প্রযুক্তিগত অগ্রগতিক যুদ্ধৰ বাবে ব্যৱহাৰ কৰা হয়৷ ২০১৬ চনতেই ৩০ হাজাৰৰো অধিক গৱেষকে কৃত্রিম বুদ্ধিমত্তাক স্বায়ত্তশাসিত অস্ত্র প্রয়োগৰ প্রতিবাদ কৰিছিল৷ এতিয়া মানৱ সমাজৰ বাবে আহি পৰা বৃহৎ প্রশ্ণটো হৈছে– এ আই অস্ত্র প্রতিযোগিতা আৰম্ভ কৰা উচিত হ’বনে? কোনো বৃহৎ সামৰিক শক্তিয়ে এ আই অস্ত্র উন্নয়নৰ সৈতে হাত উজান দিলে বিশ্বজুৰি অস্ত্র প্রতিযোগিতা আহি পৰাটো অনিবার্য৷ ইপিনে, এ আই প্রযুক্তিৰ ওপৰত অতিৰিক্ত নির্ভৰশীলতাৰ ওপৰত সমাজৰ একাংশ মানুহৰ প্রভাৱ হ্রাস পাব পাৰে আৰু মানুহৰ কার্যকাৰিতাৰ অভাৱ ঘটিব পাৰে৷ উদাহৰণস্বৰূপে স্বাস্থ্যসেৱাত এ আই ব্যৱহাৰৰ ফলত মানুহৰ সহানুভূতি আৰু যুক্তি হ্রাস পাব পাৰে৷ এ আইৰ আন এক সম্ভাব্য ভয়াৱহতা হৈছে অপৰাধমূলক কার্য সংঘটিত কৰাৰ বাবে ইয়াৰ ব্যৱহাৰৰ সংখ্যা বৃদ্ধি পাব পাৰে৷ সেইবাবে কৃত্রিম বুদ্ধিমত্তাৰ বিপদসমূহ সদায় আলোচনাৰ বিষয় হোৱা উচিত যাতে বিজ্ঞানীসকলে এই প্রযুক্তিক মহৎ উদ্দেশ্য সাধনৰ বাবে ব্যৱহাৰ কৰে৷