Airtel Down : এয়াৰটেলৰ গ্ৰাহকে বিগত কেইঘণ্টাধৰি মবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। এয়াৰটেলে নিজেই সামাজিক মাধ্যমত এই সমস্যাৰ কথা স্বীকাৰ কৰি জনাইছে যে তেওঁলোক এই সমস্যা যত শীঘ্ৰ সম্ভৱ সমাধানৰ বাবে কাম কৰি আছে।
সামাজিক মাধ্যমৰ পোষ্টত দিল্লী-এনচিআৰ অঞ্চলৰ পৰা বহু অভিযোগ উত্থাপিত হৈছে। ভাৰতৰ বিভিন্ন অঞ্চলত ভইচ কল আৰু অন্যান্য সেৱাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। যদিও কিছুমান ফোনত ইণ্টাৰনেটে সঠিকভাৱে কাম কৰি আছে। ডাউনডিটেক্টৰৰ তথ্য অনুসৰি, ভাৰতৰ বহু অঞ্চলৰ এয়াৰটেল গ্ৰাহকে ছিগনেলৰ সমস্যাৰ বাবে অভিযোগ দাখিল কৰিছে।
দিল্লী-এনচিআৰ, জয়পুৰ, কানপুৰ, আহমেদাবাদ, ছুৰাট, মুম্বাই, হায়দৰাবাদ, বেংগালুৰু আৰু কলকাতাৰ এয়াৰটেল গ্ৰাহকে এই মুহূৰ্তত নেটৱৰ্ক আৰু ইণ্টাৰনেটৰ সমস্যাৰ সন্মুখীন হৈছে।
যদিও অসমৰ কোনো নিৰ্দিষ্ট অঞ্চলৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও এই দেশজোৰা সমস্যাৰ প্ৰভাৱ অসমৰ চহৰ যেনে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাটতো পৰিছে।
Niyomiya Barta Desk, 18 August, 2025