নিউজ ডেস্ক, ১৮ আগষ্ট : দেশৰ মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ যুটীয়া উদ্যোগ প্ৰতিষ্ঠান হিচাপে গঢ় লোৱা উত্তৰ-পূব গেছ বিতৰণ কোম্পানী লিমিটেডৰ (North East Gas Distribution Company Limited) মুখ্য কাৰ্যবাহী বিষয়াৰ পদত নিযুক্তি লাভ কৰিছে মনোজ কুমাৰ বৰুৱাই। ১৬ আগষ্টত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে এই দায়িত্ব অৰ্পণ কৰে।
লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ প্ৰয়াত দেৱেশ্বৰ বৰুৱা আৰু হেমপ্ৰভা বৰুৱাৰ সু-সন্তান মনোজ কুমাৰ বৰুৱাই নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, জামছেদপুৰৰ পৰা মেকানিকেল বিভাগত আভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰি ১৯৮৯ চনতে অসম গেছ কোম্পানীত কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল । অসম গেছ কোম্পানীতে তিনিটা দশক ধৰি তেল-গেছৰ ব্যৱহাৰিক গুণাগুণৰ ওপৰত যথেষ্ট জ্ঞান আহৰণ কৰাৰ লগতে দক্ষতাৰে প্ৰতিষ্ঠানটোক ব্যৱসায়িক দিশত এঢাপ আগুৱাই নিয়াত তেওঁৰ নিপুণ অভিজ্ঞতাৰ প্ৰমাণ সু-স্পষ্ট।
বৰুৱা কাৰিকৰীৰ লগতে প্ৰশাসনিক দিশতো পাৰদৰ্শিতাৰে পৰৱৰ্তী ২০২৩ চনত গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল প্ৰতিষ্ঠানৰ যৌথ উদ্যোগ পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড (PBGPL)ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত অধিষ্ঠিত হয় । বৰ্তমানে উক্ত পদত নিপুণতাৰে দায়িত্ব পালন কৰি আছে মনোজ কুমাৰ বৰুৱাই । তেওঁৰ নেতৃত্ব গুণ, দক্ষতা, উদ্যমিতা আৰু অভিজ্ঞতাৰ বলতে পুনৰ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে উত্তৰ-পূব গেছ বিতৰণ প্ৰতিষ্ঠানৰো মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অতিৰিক্ত দায়িত্ব অৰ্পণ কৰিছে মনোজ কুমাৰ বৰুৱাক। দশকজোৰা অভিজ্ঞতাৰে সম্পন্ন বৰুৱাই উত্তৰ-পূব গেছ বিতৰণ উদ্যোগ প্ৰতিষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাবাদী ।