চীন ভ্ৰমণৰ খবৰ লুকুৱাই ৰখাৰ অভিযোগত অসমত যুৱকক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ দেশজুৰি কৰ’ণা ভাইৰাছক লৈ আতংকৰ সময়তে এটা উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। চীনত ভ্ৰমণ কৰি উভতি অহা হাইলাকান্দিৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কৰ’ণা ভাইৰাছৰ উৎস চীন ভ্ৰমণ কৰি আহিছিল যুৱকজন। যুৱকজনৰ পিতৃ গাঁও পঞ্চায়তৰ সম্পাদক। চীন ভ্ৰমণৰ সন্দৰ্ভত একো তথ্য জনোৱা নাছিল চৰকাৰক। বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত আছুতীয়াকৈ ৰখা হৈছে যুৱকজনক। যুৱকজনৰ পিতৃ এজন চৰকাৰী কৰ্মচাৰী হোৱা বাবে যুৱকজন আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।