🔹 পৰিয়ালসহ দিল্লীত আত্মগোপন কৰিছিল অনিৰ্বাণ দেউৰীয়ে
বিশেষ বাৰ্তা, ২১ আগষ্ট : অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী। পুৱতি নিশা নগাঁও সদৰ আৰক্ষী থানালৈ অনা হয় ট্ৰেডিং কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰীক।
উল্লেখ্য যে দিল্লীত নগাঁও আৰক্ষীৰ জালত পৰে মহাপ্ৰৱঞ্চক অনিৰ্বাণ দেউৰী। পৰিয়ালসহ দিল্লীত আত্মগোপন কৰি আছিল অনিৰ্বাণ দেউৰীয়ে। নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই দিল্লীৰ পৰা আটক কৰে অনিৰ্বাণক। দক্ষিণ দিল্লীৰ ফৰিদাবাদত আত্মগোপন কৰি আছিল অনিৰ্বাণ দেউৰীয়ে। উল্লেখ্য যে ২৮ মে’ত গুৱাহাটীৰ পৰা পলায়ন কৰিছিল অনিৰ্বাণে।
আনহাতে, নগাঁও সদৰ থানাত আনজন অভিযুক্ত কাশ্যপ ফুকন। নগাঁৱৰ পৰাই আটক কৰা হয় কাশ্যপ ফুকনক। দুয়োকে আজি নগাঁও সদৰ থানাত জেৰা চলাব নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াই।