নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Dergaon News : লোম*হৰ্ষক হ*ত্যা*কাণ্ড, স্বামীৰ হাতত প্ৰা*ণ*হানি দেৱিকাৰ

Dergaon News : দেৰগাঁৱৰ বুঢ়াগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। স্বামী ৰিংকু ফুকনৰ দাৰ ঘাপত থিতাতে মৃত্যু হয় পত্নী দেৱিকা ফুকনৰ (৩০)। নিশা ১১ মান বজাত সংঘটিত হয় এই ঘটনাটো। পাৰিবাৰিক সংঘাতৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনা সংঘটিত কৰি দেৰগাওঁ থানাত আত্মসমৰ্পণ কৰে স্বামী ৰিংকু ফুকনে। উল্লেখ্য যে দুয়োৰে আছিল ১৩ বছৰীয়া এগৰাকী ছোৱালী আৰু ২ বছৰীয়া এটি লৰা সন্তান।

দেৰগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।

Niyomiya Barta Desk, 21 August

You might also like