Theft at Guwahati : আৰক্ষীক চেলেঞ্জ দি মহানগৰীত অব্যাহত চুৰিকাণ্ড, এইবাৰ মালিগাঁৱত
Theft at Guwahati : মহানগৰীৰ মালিগাঁও আদিংগিৰিত চোৰে চলাইছে সন্ত্ৰাস। বিগত তিনিটা দিনত চুৰি হৈছে তিনিটাকৈ ঘৰত। নিৰ্বাক-নিৰ্বিকাৰ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষী।
আদিংগিৰি কল্যাণ নগৰৰ গৃহ নং ১১৮ত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে পৰেশ ঠাকুৰীয়াৰ বাসগৃহৰ পৰা ১৪ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰসহ নগদ ২৫ হাজাৰ টকা।
উল্লেখ্য যে পৰেশ ঠাকুৰীয়াৰ পৰিয়ালে শহুৰেক ঢুকোৱা বাবে গৈছিল তেজপুৰলৈ। দুটা দিন ঘৰত নথকাতে খিৰিকী ভাঙি মৰসাহ কৰি প্ৰৱেশ কৰি লুটি নিলে সকলো।
ইফালে পৰেশ ঠাকুৰীয়াৰ পৰিয়ালে গোশালা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। পিছে পাৰিবনে আৰক্ষীয়ে চোৰ সন্ধান উলিয়াব।
Niyomiya Barta Desk, 21 August