এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ পাকিস্তান-ওমানৰ, নিৰাপত্তাজনিত কাৰণত ভাৰতত খেলিবলৈ নাহে পাকিস্তান
নিউজ ডেস্ক, ২১ আগষ্ট : সম্ভাৱনাক বাস্তৱত পৰিণত কৰি ভাৰতত আয়োজিত এছিয়া কাপ হকীৰ পৰা পাকিস্তানে নিজৰ নাম প্ৰত্যাহাৰ কৰিলে। ইয়াৰ লগে লগে সকলো জল্পনা-কল্পনাৰ ওপৰত ছীল-মোহৰ মাৰিলে পাকিস্তানে। ওমানেও একেই সিদ্ধান্ত লৈ এছিয়া কাপ হকীৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিলে। দুয়োখন দেশৰ দাবী- নিৰাপত্তাজনিত কাৰণত ভাৰতত আহি খেলিব বিচৰা নাই দল দুটাই। সেয়েহে এই দুখন দেশক বাদ দি বুধবাৰে এছিয়া কাপ হকীৰ সূচী ঘোষণা কৰা হয়।
অহা বছৰ অনুষ্ঠিত হ’ব বিশ্বকাপ। তাৰ আগতে এছিয়া কাপ হ’ল বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ পৰ্যায়। কিন্তু পেহেলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দূৰৰ পিছৰে পৰা প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তান দলে ভাৰতৰ মাটিত খেলিবলৈ আহিবনে? পাকিস্তান হকী ফেডাৰেচনে হকী ইণ্ডিয়াক জনাইছে যে তেওঁলোকে ভাৰতলৈ দল পঠিয়াব বিচৰা নাই। সেই দেশৰ চৰকাৰেও ভাৰতৰ দৰেই স্থিতি গ্ৰহণ কৰিছে। পাকিস্তানেও কোনো দল ভাৰতলৈ পঠিয়াবলৈ অনিচ্ছুক।
হকী ইণ্ডিয়াৰ সভাপতি দিলীপ কুমাৰ তিৰ্কে কয় যে ভাৰতে পাকিস্তানে খেলিবলৈ অহাটো বিচাৰিছিল। কিন্তু পাক ব্ৰিগেডে নিজে খেলিবলৈ নহাৰ সিদ্ধান্ত ল’লে। পাকিস্তানৰ সলনি এছিয়া কাপত বাংলাদেশে খেলিব। আনহাতে, ওমানৰ সলনি কাজাখস্তানে এছিয়া কাপত সুযোগ লাভ কৰিছে। ২৯ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত আঠটা দলক দুটা পুলত ভাগ কৰা হৈছে।
উল্লেখ্য যে চীনৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতে এছিয়া কাপ হকীৰ অভিযান আৰম্ভ কৰিব। এইটো গ্ৰুপত মেন ইন ব্লুৱে জাপান আৰু কাজাখস্তানৰ বিৰুদ্ধেও খেলিব। দুয়োটা পুলৰ শীৰ্ষ দুটা দলে ছুপাৰ ফ’ৰলৈ আগবাঢ়িব। তাৰ পৰাই ফাইনেল খেলখন শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠিত হ’ব। সূচী ঘোষণা কৰাৰ দিনাই ভাৰতীয় হকী দলটোও ঘোষণা কৰা হয়। ১৮ জনীয়া ভাৰতীয় দলটোৱে অভিজ্ঞ ড্ৰেগ ফ্লিকাৰ হৰমনপ্ৰীত সিঙৰ নেতৃত্বত খেলিব।