Cachar News : কাছাৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ শিশু মহিলাসহ ৯জনকৈ ৰহিংগা নাগৰিকক আটক কৰা হৈছে। সীমান্ত পাৰ হৈ বাংলাদেশলৈ ওভতাৰ সময়ত স্থানীয় লোকে আটক কৰে ৰহিংগা নাগৰিককেইজনক।
বাংলাদেশ সীমান্তৰ কাছাৰৰ কাটিগড়া চাপ্লাইগেটত পুনৰ স্থানীয় ৰাইজৰ হাতত আটক হৈছে শিশু আৰু মহিলা সহ ৯জনকৈ ৰহিংগা নাগৰিক। সীমান্তদি বাংলাদেশলৈ ওভতাৰ পথত ৰাইজৰ হাতত আটক হৈছে বিদেশী নাগৰিককেইজন। জানিব পৰা মতে অঞ্চলটোত অপৰিচিত লোক ঘূৰি ফূৰি থাকোঁতে স্থানীয় লোকৰ সন্দেহ হোৱাত স্থানীয় ৰাইজে লোকজনক আটক কৰি সোধাপোছা কৰে।
সোধাপোছাত লোকজনে জনায় যে তেওঁলোক ৰহিংগা । কেইবাবছৰ পূৰ্বে তেওঁলোক বাংলাদেশ ৰহিংগা কেম্পৰ পৰা অবৈধভাৱে ত্ৰিপুৰা সীমান্তদি ভাৰতত প্ৰৱেশ কৰিছিল। আৰু ইয়াৰ পাছত তেওঁলোক ভাৰতৰ বিভিন্ন ৰাজ্যত কৰ্মৰত আছিলে। শেহতীয়া সন্দেহজনক লোকৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ চলা অভিযানৰ ভয়ত তেওঁলোক বাংলাদেশলৈ যোৱাৰ উদ্দেশ্যে ৰেলেৰে পলাই আহিছে আৰু কাছাৰৰ কাটিগড়াৰ বাংলাদেশ সীমান্তইদি তেওঁলোক দালালৰ সহায়ত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা আছিল বুলি সোধাপোছাত জনায় ৰহিংগা নাগৰিককেইজনে।
ইপিনে স্থানীয় লোকে ৰহিংগাকেইজনক আটক কৰাৰ পাছত আৰক্ষীক খবৰ দি আৰক্ষীৰ হাতত গতাই দিয়ে বিদেশী নাগৰিককেইজনক।
উল্লেখ্য যোৱা কেইদিনত কাছাৰৰ কাটিগড়াৰ ভাৰত বাংলাদেশ সীমান্তত ইজনৰ পাছত সিজন ৰহিংগা আৰু বাংলাদেশী নাগৰিক আটক হৈছে। যোৱা এসপ্তাহ পূৰ্বে এইদৰে ৰাইজে আটক কৰিছিল ৯জনকৈ ৰোহিংগা নাগৰিকক আৰু কালি পুনৰ আটক হৈছে আৰু ৯জনকৈ ৰহিংগা নাগৰিক।
Niyomiya Barta Desk, 22 August