লক ডাউনঃ ৰাজ্যত আছেনে পৰ্যাপ্ত পৰিমানৰ খাদ্য সামগ্ৰী ? কি ক’লে ফণীভূষণ চৌধুৰীয়ে
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ দেশজুৰি ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবে মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত লক ডাউন ঘোষণা কৰা হৈছে সমগ্ৰ ৰাজ্য । এনে লক ডাউনৰ সময়ত ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেনেধৰণৰ পদক্ষেপ লৈছে, তাৰ ওপৰত যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।
মঙলবাৰে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জনায় যে এতিয়া ৰাজ্যত মজুত আছে পৰ্যাপ্ত পৰিমানৰ খাদ্য সামগ্ৰী । তেওঁ লগতে খাদ্য সামগ্ৰীক লৈ চিন্তা কৰিবলগীয়া নাই বুলি মন্তব্য কৰি কয় যে এতিয়াও ৰাজ্যত মজুত আছে প্ৰায় এমাহৰ খাদ্য সামগ্ৰী ।
ইফালে প্ৰয়োজনত খাদ্য সামগ্ৰী ৰাজ্যৰ বাহিৰৰ পৰাও অনা হ’ব বুলি তেওঁ মন্তব্য কৰে ।