Assam News : আত্মসহায়ক গোটৰ ৩৪ হাজাৰ মহিলাক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
Assam News : নলবাৰী জিলাৰ ৩৯নং নলবাৰী সমষ্টিৰ গ্ৰাম্য চহৰ ঘগ্রাপাৰত মুখ্যমন্ত্রীৰ মহিলাৰ উদ্যমিতা আঁচনিৰ চেক আজি আনুষ্ঠানিকভাবে বিতৰণ কৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১১ বজাত অসম ৰাজ্যিক জীৱিকা অভিযানৰ উদ্যোগত পিএমশ্রী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আয়োজিত বিশাল সভাখনত মুখ্যমন্ত্রীগৰাকীয়ে অংশগ্রহণ কৰি কংগ্রেছ দলক সমালোচনা কৰে।
মুখ্যমন্ত্রী ডঃ শৰ্মাই কয় যে- কংগ্রেছ দলে চৰকাৰখনে গ্রহণ কৰা প্রতিখন উন্নয়নমুলক আঁচনিৰে অপপ্রচাৰ চলাই আহিছে বুলি উল্লেখ কৰি অৰুণোদয়, নিযুত মাইনা, উদ্যমিতা আদি আঁচনি ভুৱা আৰু নিৰ্বাচনকেন্দ্রিক বুলি অপপ্রচাৰ চলাই মহিলা সকলক বিপথে পৰিচালিত কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে বুলি মন্তব্য কৰে। কিন্তু চৰকাৰখনে আটাইবোৰ উন্নয়নমুলক আঁচনি ৰূপায়ণ কৰি দেখুওৱাত কংগ্রেছীসকল ঘৰৰ ভিতৰত সোমাই থাকিব লগা অৱস্থা হৈছে বুলি মুখ্যমন্ত্রী গৰাকীয়ে কটাক্ষ কৰে।
মুখ্যমন্ত্রী গৰাকীয়ে মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত কয় যে প্ৰথম পৰ্যায়ত দিয়া ১০ হাজাৰ টকা সঠিকভাৱে ব্যৱহাৰ কৰিলে পিছত আকৌ ২৫ হাজাৰ টকাকৈ আত্মসহায়ক গোট আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই ধন ভালদৰে কামত লগালে আৰু ৫০ হাজাৰ টকা বেংকৰ জৰিয়তে ঋণ হিচাপে আগবঢ়াব মহিলাসকলক।
তেওঁ পুনৰ কয় য়ে ৰাজ্যৰ ৪০ লাখ আত্মসহায়ক গোটক সামৰি ৰূপায়ণ কৰিব বিচৰা আঁচনি খনৰ জৰিয়তে গ্রামাঞ্চলৰ মহিলাসকলে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিব। লগতে গ্রামাঞ্চলৰ অৰ্থনৈতিক ভেটিও সুদৃঢ় হ’ব বুলিও আশা প্রকাশ কৰে। সমষ্টিটোৰ আত্মসহায়ক গোটৰ ৩৪ হাজাৰ মহিলাৰ মাজত ৩৪ কোটি টকা বিতৰণ কৰা বুলি মুখ্যমন্ত্রী গৰাকীয়ে সদৰী কৰি অহা তিনি মাহৰ ভিতৰত ৰাজ্যখনৰ আটাইবোৰ সমষ্টিতে এই আচঁনিৰ ধন বিতৰণ কৰা হব বুলি মন্তব্য কৰি নলবাৰী সমষ্টিত যদিহে কোনোবা যোগ্য
মহিলা উক্ত আচঁনিৰ পৰা বঞ্চিত হৈছে, তেনেহলে পুনৰ বিবেচনা কৰা হ’ব বুলিও ঘোষণা কৰে। মুখ্যমন্ত্রীগৰাকীয়ে আগন্তুক বিধান সভা নিৰ্বাচনত নলবাৰী সমষ্টিৰ জয়ন্ত মল্ল বৰুৱাক বিপুল ভোটত বিজয় কৰিবলৈ আই-মাতৃসকলক আহবান জনায়।
মুখ্যমন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাবে সমষ্টিটোৰ ১৩গৰাকী মহিলাক চেক প্রদান কৰাৰ পিছত বিভাগীয়ভাৱে স্হাপন কৰা ৭০টা স্হলত চেকসমুহ বিতৰণ কৰে।
সভাত স্হানীয় বিধায়ক তথা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজিৰ সভাত উপস্থিত হোৱা মহিলা সকলক ধন্যবাদ জ্ঞাপন কৰি মহিলা উদ্যমিতা আঁচনিৰ পৰা লাভ কৰা ধনৰ সঠিক ব্যবহাৰ কৰিব বুলি আশা প্রকাশ কৰে। সভাত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, পঞ্চায়ত আৰু গ্রামাউন্নয়ন বিভাগৰ অতিৰিক্তি মুখ্য সচিব কল্যাণ চক্রবর্তী, অসম ৰাজ্যিক গ্রামীণ মহিলা জীৱিকা অভিযানৰ সঞ্চালক উজ্জ্বল প্ৰতীম শৰ্মা বৰদলৈ নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী, নলবাৰী জিলা পৰিষদৰ সভানেত্রী গীতুমনি বৈশ্য, নলবাৰী উন্নয়ন প্রাধিকাৰীৰ অধ্যক্ষ বনদ্বীপ ডেকা,নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা, নলবাৰী পৌৰ সভাৰ পৌৰপতি জয়শ্রী তালুকদাৰ আৰু সমষ্টিটোৰ জিলা পৰিষদৰ সদস্যসকল উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, ঘগ্রাপাৰ, ২২ আগষ্ট