🔹 ড্রাগছ আসক্ত ছাত্রৰ দেহত ধৰা পৰিল এইচআইভি
বিশেষ বার্তা, ২৩ আগষ্ট : যোৰহাটত দীর্ঘদিনে চলি থকা ড্রাগছৰ অবাধ প্রচলনৰ ভয়ংকৰ ৰূপ প্রতিফলিত হৈছে৷ এহ ড্রাগছৰ বাবেই জিলাখনৰ বিভিন্ন প্রান্তত প্রতিনিয়ত হত্যা–হিংসাৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ উন্মোচিত হৈছে আন এক ভয়ংকৰ তথ্য৷
এইবাৰ যোৰহাটত এগৰাকী কলেজীয়া ছাত্রৰ দেহত ধৰা পৰিছে মাৰাত্মক এইচ আই ভি৷ ৰক্তদান কৰিবলৈ গৈ পৰীক্ষাৰ সময়ত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে ছাত্রজনৰ শৰীৰত৷ স্থানীয় ৰক্তদান এক শিবিৰলৈ যাওঁতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হয়, য’ত এইচ আই ভি পজিটিভ ফলাফল দেখা দিয়ে৷ পৰৱর্তী সময়ত মেডিকেল পৰীক্ষাতো এই ফলাফল নিশ্চিত হয়৷ পিছত ছাত্রজনে নিজেই চিকিৎসকৰ কাষ চাপে আৰু তেওঁ ড্রাগছ ব্যৱহাৰ কৰাৰ বিষয়ে অকপটে স্বীকাৰ কৰে৷ তেওঁ এইটো কথাও চিকিৎসকক স্পষ্টভাৱে জানিবলৈ দিয়ে যে তেওঁৰ কেইবাগৰাকীও সহপাঠীৰ শৰীৰত এই ৰোগ হোৱাটো প্রবল আশংকা আছে৷ কিয়নো তেওঁলোকে একেটা ছিৰিঞ্জেৰেই ড্রাগছ ব্যৱহাৰ কৰি আহিছিল৷
এই বিষয়ে জানিব পাৰি যোৰহাটৰ স্বাস্থ্য বিভাগৰ চিকিৎসকৰ দল উদ্বিগ্ণ হৈ পৰিছে৷ তেওঁলোকে উল্লেখ কৰিছে যে এইচ আই ভি নিয়ন্ত্রণৰ বাবে বিভিন্ন স্থানত সজাগতা বৃদ্ধিৰ প্রয়াস ৰাখিছে৷ পূর্বতে চাহ বাগিচা এলেকাত ইয়াৰ প্রভাৱ বেছি আছিল যদিও জনসচেতনতামূলক কার্যসূচী ৰূপায়ণ কৰাৰ বাবে এই স্থানসমূহত এইচ আই ভি সংক্রমণ ৰোধ হোৱা বুলি জানিবলৈ দিয়ে৷
অতি উদ্বেগজনক কথা যে যোৰহাটত প্রতিমাহে ৩০জনকৈ লোক এইচ আই ভিত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আনিছে জিলা স্বাস্থ্য বিভাগে৷ এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছত স্বাস্থ্য বিভাগে উক্ত মহাবিদ্যালয়খনৰ ছাত্রজনৰ সহপাঠীসকলৰো স্বাস্থ্য পৰীক্ষা কৰিব বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে ড্রাগছক কেন্দ্র কৰি যোৰহাটৰ শেহতীয়াকৈ বহুকেইটা ঘটনা সংঘটিত হৈছে, যাৰ ফলত প্রায় ৪জন যুৱকৰ মৃত্যু হৈছে৷ তদুপৰি দুজনে অতিৰিক্ত ড্রাগছ সেৱন কৰি মৃত্যুক আঁকোৱালি লৈছিল৷ কিন্তু এই ড্রাগছ নির্মূল কৰাৰ ক্ষেত্রত যোৰহাট আৰক্ষী সম্পূর্ণৰূপে ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷