নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাষ্টমীত গুৱাহাটীত ভাৰত–শ্রীলংকাৰ মেচ

🔹 মহিলা এদিনীয়া বিশ্বকাপৰ সূচী সলনি : বেংগালুৰুৰ পৰা মেচ স্থানান্তৰ

নিউজ ডেস্ক, ২৩ আগষ্ট : ৰাজ্যবাসীৰ বাবে সুখবৰ৷ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী মেচখন৷ ৩০ ছেপ্টেম্বৰত মহাষ্টমীৰ দিনা অনুষ্ঠিত হ’বলগীয়া মেচখনত ভাগ ল’ব আয়োজক ভাৰত আৰু শ্রীলংকাই৷

মন কৰিবলগীয়া যে ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা এদিনীয়া বিশ্বকাপৰ ভাৰতীয় মহিলা দলটোৰ খেলৰ সূচী সলনি কৰা হৈছে৷ অৱশ্যে একেই থাকিব খেলৰ তাৰিখ৷ কেৱল স্থানহে সলনি কৰা হৈছে৷ ভাৰতীয় দলটোৰ মেচসমূহ বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ পৰিৱর্তে গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম আৰু নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ পূর্বৰ সূচী অনুসৰি ভাৰতে বেংগালুৰুত ৫খন মেচত অংশগ্রহণ কৰাৰ কথা আছিল৷ য’ত অন্তর্ভুক্ত আছিল প্রতিযোগিতাখনৰ উদ্বোধনী মেচ, তিনিখন লীগ মেচ আৰু ছেমিফাইনেল৷ বিশ্বকাপৰ উদ্বোধনী খেলখন বেংগালুৰুৰ পৰিৱর্তে গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বিপৰীতে পূর্বে বেংগালুৰুত হ’বলগীয়া মেচকেইখন এতিয়া নৱী মুম্বাইত অনুষ্ঠিত হ’ব৷

ইফালে, পূর্বৰ সূচী মতে ১১ অক্টোবৰত গুৱাহাটীত হ’বলগীয়া শ্রীলংকা আৰু ইংলেণ্ডৰ মাজৰ মেচখন এতিয়া কলম্বোলৈ স্থানান্তৰ কৰা হৈছে৷ গুৱাহাটীত চাৰিখন লীগ মেচকে ধৰি প্রথমখন ছেমিফাইনেল মেচ অনুষ্ঠিত হ’ব৷ অৱশ্যে যদি পাকিস্তানে ছেমিফাইনেলত প্রৱেশ কৰে, তেতিয়াহ’লে প্রথমখন ছেমিফাইনেল গুৱাহাটীৰ পৰিৱর্তে কলম্বোত অনুষ্ঠিত হ’ব৷ গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচখন অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকীকেইখন মেচ ক্রমে ৩ অক্টোবৰত ইংলেণ্ড বনাম দক্ষিণ আফ্রিকা, ৭ অক্টোবৰত ইংলেণ্ড বনাম বাংলাদেশ আৰু ১০ অক্টোবৰত নিউজিলেণ্ড বনাম বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব৷

ইফালে, প্রথমখন ছেমিফাইনেল ২৯ অক্টোবৰত গুৱাহাটী–কলম্বোত অনুষ্ঠিত হ’ব৷ আইচিচিৰ সভাপতি জয় শ্বাহে কয় যে নৱী মুম্বাই মহিলা ক্রিকেটৰ নতুন দুর্গ হিচাপে আত্মপ্রকাশ কৰিছে৷ আন্তঃৰাষ্ট্রীয় মেচ আৰু মহিলা প্রিমিয়াৰ লীগৰ সময়ত ই যেনেকুৱা সমর্থন লাভ কৰিছে সেয়া উল্লেখযোগ্য৷ খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে অনুৰাগীসকলক অনুপ্রাণিত কৰিছে৷ মই নিশ্চিত যে এই একেই শক্তিয়েই ১২ বছৰৰ পিছত ভাৰতত অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ডাঙৰ ডাঙৰ মেচবোৰৰ সংজ্ঞা দিব৷ প্রতিযোগিতাখনৰ মেচসমূহ গুৱাহাটী আৰু নৱী মুম্বাইৰ লগতে ইন্দোৰ, বিশাখাপট্টনম আৰু কলম্বোত অনুষ্ঠিত হ’ব৷

You might also like