অনলাইন গেমিং বিল
দীর্ঘসময় ধৰি যুৱপ্রজন্মক অনলাইন জুৱাই আচ্ছন্ন কৰি ৰাখিছে৷ অনলাইন গেমিং প্লেটফর্মসমূহে চলাই অহা হাজাৰ হাজাৰ কোটি টকাৰ লেনদেনক লৈও চলি আহিছে বিভিন্ন বিতর্ক৷ অভিযোগ অনুসৰি এই অনলাইন জুৱাৰ কবলত পৰি অসংখ্য লোক প্রচুৰ আর্থিক ক্ষতিৰ সন্মুখীন হৈছে৷ অনলাইন জুৱা চলাই থকা সংস্থাসমূহে প্রচুৰ লাভৰ মুখ দেখিছে যদিও ইয়াৰ সৈতে জড়িতসকল কিমান লাভান্বিত হৈছে সেয়া এতিয়াও স্পষ্ট নহয়৷ আনকি যুৱপ্রজন্মৰ একাংশ অন্ধভাৱে অনলাইন গেমিঙত সোমাই পৰাৰ ফলত কিছুমানে আত্মহননৰ দৰে পথ বাছি লোৱাৰ বাতৰিও সময়ে সময়ে পঢ়িবলৈ পোৱা যায়৷ তৎসত্ত্বেও বহু তাৰকাই অনলাইন গেমিঙৰ বিজ্ঞাপনত মুখ দেখুৱাই নতুন প্রজন্মক আকর্ষিত কৰাৰ চেষ্টা চলি আহিছে৷ এনে বহু বিতর্কৰ বাবেই অনলাইন জুৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বিভিন্ন পক্ষই দাবী উত্থাপন কৰি আহিছে৷ এনে দাবীৰ পৰিপ্রেক্ষিততে অনলাইন জুৱা নিষিদ্ধ কৰিবলৈ আগবাঢ়িছে শাসনাধিষ্ঠিত নৰেন্দ্র মোদীৰ চৰকাৰ৷ ‘দ্য প্রমোচন এণ্ড ৰেগুলেচন অৱ গেমিং বিল, ২০২৫’ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে সংসদত পাছ কৰাইছে৷ আর্থিক লেনদেন সম্পর্কীয় সকলো অনলাইন গেমৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ বিশেষকৈ টকা দি বাজি ধৰা আৰু জুৱা খেলৰ দৰে অনলাইন গেমৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে চৰকাৰ৷ কেন্দ্রীয় মন্ত্রীসভাৰ মনোনয়নৰ পাছত এই বিলখন লোকসভা আৰু ৰাজ্যসভাতো পাছ কৰা হৈছে৷ এতিয়া ৰাষ্ট্রপতিয়ে অনুমোদন জনালেও অনলাইন গেমিং ভাৰতত নিষিদ্ধ হ’ব৷ অনলাইন গেমত ব্যাপক ধনৰ লেনদেন, প্রতাৰণা আৰু আসক্তি নিয়ন্ত্রণ কৰিবলৈ এই নতুন বিল বলৱৎ কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ প্রস্তাৱিত বিলখনত কোৱা হৈছে যে অনলাইন বেটিং সংস্থা চলোৱা অপৰাধ৷ অনলাইন গেমিং পৰিচালনা কৰিলে এক কোটি টকা পর্যন্ত জৰিমনা আৰু তিনি বছৰ পর্যন্ত কাৰাবাসৰ শাস্তিৰ প্রস্তাৱো আছে বিলখনত৷ তদুপৰি কোনোধৰণৰ অস্বীকৃত বেটিং লাইনআপ অথবা জুৱাৰ বিজ্ঞাপন বা প্রমোচন কৰিব নোৱাৰিব৷ উল্লেখ্য যে প্রযুক্তিবিদ্যাৰ সহায়ত সমগ্র দেশত অনলাইন জুৱাৰ জনপ্রিয়তা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ বিগত কেইবছৰমানত গেমিং শিল্পই কাঠফুলাৰ দৰে ছানি ধৰাৰ ফলত বহু সৰু–বৰ এনে সংস্থা গঢ়ি উঠিছে৷ তেওঁলোকৰ বিজ্ঞাপনৰ চমক দেখি যুৱপ্রজন্ম সহজে অনলাইন জুৱাৰ প্রতি আসক্ত হোৱা পৰিলক্ষিত হৈছে৷ আনহাতে, এনেধৰণৰ জুৱাত অংশগ্রহণ কৰি বহু লোক প্রতাৰণাৰো চিকাৰ হৈছে৷ অনলাইন গেমৰ ফান্দত পৰি আন কিছুমানে লক্ষ লক্ষ টকা হেৰুৱাবলগীয়া হৈছে৷ এইদৰে টকা দি বাজি ধৰা জুৱা খেলৰ দৰে অনলাইন গেমৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ বিপুল পৰিমাণৰ ধনৰ জৰিমনাৰ প্রস্তাৱা ৰখা হৈছে বিলখনত৷ টকাৰ লেনদেনৰ জৰিয়তে অনলাইন জুৱা খেলাৰ ব্যৱস্থা কৰা হ’লে অথবা আর্থিক লেনদেনৰ জৰিয়তে গেম খেলিলে কোটি টকা পর্যন্ত জৰিমনা কৰা হ’ব পাৰে৷
ইপিনে, লোকসভা আৰু ৰাজ্যসভাত অনলাইন গেমিং নিষিদ্ধ কৰাৰ বাবে বিল পাছ কৰাৰ লগে লগে এনে জুৱা চলাই থকা সংস্থাসমূহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এই ব্যৱসায় চলাই থকা ব্যৱসায়ীসকলে বিলখন গ্রহণৰ পাছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ কাৰণ বিলখন আইন হিচাপে পৰিগণিত হ’লেই চৰম ক্ষতিৰ সন্মুখীন হ’ব পাৰে গেমিং সংস্থাসমূহ৷ ইয়াৰ বিপৰীতে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাব চৰকাৰেও৷ তথ্য অনুসৰি কেৱল এমাহত অনলাইন জুৱাত বাজি ধৰি খেলাৰ বাবে ভাৰতত গড়ে দহ হাজাৰ কোটি টকাৰ লেনদেন হয়৷ কেন্দ্রীয় চৰকাৰে অনলাইন জুৱা নিষিদ্ধ কৰাৰ ফলত পোনপটীয়াকৈ ইয়াৰ সৈতে জড়িত প্রায় দুই লাখ লোকে ৰোজগাৰ হেৰুৱাব বুলি ধাৰণা কৰা হৈছে৷ তদুপৰি এই আইনখন কার্যকৰী হ’লে ক্ষতিৰ সন্মুখীন হ’ব প্রায় চাৰিশটা গেমিং সংস্থা৷ সংস্থাসমূহে প্রদর্শন কৰা যুক্তি অনুযায়ী এই অনলাইন জুৱাৰ জৰিয়তে কেন্দ্রই বুজন পৰিমাণৰ ৰাজহ হেৰুৱাব৷ বিলখন মন্ত্রীসভাত অনুমোদন জনোৱাৰ পাছত তিনিটা সংগঠনে গৃহমন্ত্রী অমিত শ্বাহৰ হস্তক্ষেপ বিচাৰি আবেদনো জনাইছিল৷ সংগঠনসমূহৰ দাবী অনুসৰি দুই লাখ কোটি টকাৰ এই শিল্প ক্ষেত্রৰ পৰা বছৰি ৩১ হাজাৰ কোটি টকা আয় হয়৷ ইয়াৰে ২০ হাজাৰ কোটি টকা ৰাজহ হিচাপে চৰকাৰৰ ঘৰত জমা হয়৷ বিগত পাঁচ বছৰত ভাৰতত অনলাইন জুৱা খেলা গ্রাহকৰ সংখ্যা ৩৬ কোটিৰ পৰা ৫০ কোটিলৈ বৃদ্ধি পাইছে৷ সংগঠনসমূহে এই কথাও দাবী কৰিছে যে ২৫ হাজাৰ কোটি টকাৰ বিদেশী বিনিয়োগো আহিছে বিগত পাঁচ বছৰত৷ ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা অনলাইন জুৱাৰ ওপৰত ২৮ শতাংশ জিএছটি নির্ধাৰণ কৰিছিল চৰকাৰে৷ নতুন আইনৰ বাবে গেমিং শিল্প বন্ধ হ’লে চৰকাৰী কোষাগাৰ ২০ হাজাৰ কোটি টকাৰ পৰা বঞ্চিত হ’ব৷ বিশেষজ্ঞ আৰু ব্যৱসায়ী মহলৰ একাংশই ভাবে যে অনলাইন জুৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি নকৰি বিকল্প ব্যৱস্থাসমূহৰ বিষয়ে ভাবি চাব পাৰিলেহেঁতেন৷ ইতিমধ্যে তেওঁলোকৰ বিকল্প কর্মসংস্থানৰ পথ বিচাৰিবলৈ আৰম্ভ কৰা বুলি সংবাদ মাধ্যমক জনাইছে৷ অৱশ্যে এনে অভিযোগ সত্ত্বেও অনলাইন জুৱাৰ জৰিয়তে সর্বস্বান্ত হোৱা একাংশ লোকক এই বিলখনে সকাহ দিব আৰু নতুন প্রজন্মক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিব বুলি একাংশই সন্তুষ্টি প্রকাশ কৰিছে৷