নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী পুঁজিৰ অপব্যৱহাৰ : প্রাক্তন ৰাষ্ট্রপতিক গ্রেপ্তাৰ চিআইডিৰ

নিউজ ডেস্ক, ২৩ আগষ্ট : চৰকাৰী পুঁজিৰ অপব্যৱহাৰ কৰাৰ অভিযোগত শ্রীলংকাৰ প্রাক্তন ৰাষ্ট্রপতি ৰনিল ৱিক্রমেসিংহেক ৰাজধানী কলম্বোত গ্রেপ্তাৰ কৰে চিআইডিয়ে৷ ৰাষ্ট্রপতি হৈ থকা সময়ছোৱাত চৰকাৰী পুঁজিৰে গ্রেট ব্রিটেইন ভ্রমণ ব্যক্তিগত কাৰণত কৰাৰ অভিযোগত ৰনিল ৱিক্রমেসিংহেক চিআইডিয়ে গ্রেপ্তাৰ কৰে৷ কলম্বোত কালি প্রাক্তন ৰাষ্ট্রপতিগৰাকীক সোধা– পোছা কৰাৰ অন্তত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিতেই গ্রেপ্তাৰ কৰা হৈছে বুলি চিআইডিয়ে প্রকাশ কৰিছে৷

২০২২ চনৰ পৰা ২০২৪ চনলৈ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰি থাকোঁতে ৰনিল ৱিক্রমেসিংহেই তেওঁৰ পত্নী মৈথ্রি ৱিক্রমেসিংহেৰ পিএইচডি গ্রহণ অনুষ্ঠানত অংশগ্রহণৰ বাবে ব্রিটেইন ভ্রমণ কৰাৰ সময়ত চৰকাৰী পুঁজি ব্যয় কৰিছিল৷ ২০২৩ চনৰ ছেপ্টেম্বৰত ৱলভাৰহেমটন বিশ্ববিদ্যালয়ত এই অনুষ্ঠান আয়োজিত হৈছিল৷

ইপিনে, প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ গ্রেট ব্রিটেইন ভ্রমণৰ সমান্তৰালকৈ কিউবা আৰু আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰ সময়তো চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ তদন্ত চলি আছে৷ অনুসন্ধানকাৰীয়ে লাভ কৰা তথ্য অনুসৰি, লণ্ডন ভ্রমণত চৰকাৰী পুঁজিৰ পৰা প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে ১৬.৯ নিযুত টকা ব্যয় কৰিছিল৷

উল্লেখ্য যে প্রাক্তন ৰাষ্ট্রপতিগৰাকীক গ্রেপ্তাৰৰ পূর্বে তেওঁৰ সময়ছোৱাৰ ৰাষ্ট্রপতি কার্যালয়ৰ কেইবাজনো কর্মচাৰীক চিআইডিয়ে সোধা–পোছা কৰিছিল৷ মন কৰিবলগীয়া যে প্রাক্তন ৰাষ্ট্রপতি ৱিক্রমেসিংহেই তেওঁৰ বিৰুদ্ধে উঠা অভিযোগক অস্বীকাৰ কৰি আহিছে৷

You might also like