নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Digboi Breaking : টিংৰাইত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত স্কুটী আৰোহী

Digboi Breaking : ডিগবৈ টিংৰাইৰ নৰ্ট ইষ্ট ধাবাৰ চিধাপুলৰ সমীপত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাই এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ AS03 A E 9128 নম্বৰৰ নিচান বাহন এখনে তিনিচুকীয়া দিশৰ পৰা তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীক মুখামুখিকৈ খুন্দিওৱাৰ ফলতেই এই দুৰ্ঘটনটো সংঘটিত হয় ৷

এই দুৰ্ঘটনাত থিতাতে নিহত স্কুটীখনৰ আৰোহী ৷ নিহত লোকজন ডিগবৈ বাপাপুঙৰ উডলেণ্ড ফেক্টৰী সমীপৰ ভৰত গগৈ ৷ মাকুম গোপনাৰী বটলিং প্লান্টত ৰন্ধন গেছ অনা নিয়া কৰা বাহনৰ গাড়ী চালক আছিল তেওঁ ৷ নিহত ভৰত গগৈৰ এখন হাত চিঙি যোৱাৰ লগতে ভৰি এখন ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে নিহত হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

Niyomiya Barta Desk, 25 August

You might also like